ভয়াৱহ বিপদৰ দিশে ধাৱমান নেকি পৃথিৱী ?

ভয়াৱহ বিপদৰ দিশে ধাৱমান নেকি পৃথিৱী ?

ডিজিটেল ডেস্ক : তুৰস্কত অব্যাহত আছে ভুমিকম্পৰ ধ্বংসলীলা । ২০ ফেব্ৰুৱাৰীত ৬.৪ ৰিখটাৰ স্কেলৰ ভূমিকম্পই অন্তিম বাৰৰ বাবে দেখা দিছিল তুৰস্কত । তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্পৰ তাণ্ডৱ সম্পৰ্কে ইতিমধ্যেই অৱগত সকলো । শেহতীয়াকৈ আন এক ৬.৮ ৰিখটাৰ স্কেল প্ৰাৱল্যৰ ভূমিকম্পই জোকাৰি গ'ল তাজিকিস্তানক । শীতে স্তব্ধ কৰি পেলাইছে ইউৰোপৰ জনজীৱন । খৰাং বতৰ ফ্ৰান্সত । গোলকীয় উত্তাপ আৰু কৃত্ৰিম ৰসায়নিক পদাৰ্থৰ বাবে ক্ৰমাৎ গলন আৰম্ভ হৈছে উত্তৰ মেৰুৰ গ্লেছিয়াৰত । আনহাতে, দেশৰ আন ঠাইৰ সৈতেই অসমতো বিগত কিছু দিনত সৰু সুৰা ভূমিকম্পই জোকাৰি গৈছে ৰাইজক ।

ভূমিকম্পৰ উৎপত্তিৰ কাৰণ অৱশ্যে মূলত: প্ৰাকৃতিক । টেক্টনিক প্লেট সমূহ লৰচৰ হ'লে সৃষ্টি হয় ভূমিকম্পৰ । কিন্তু আন গৰিষ্ঠসংখ্যক দুৰ্যোগৰ বাবে দায়ী মানৱ সমাজেই । ইয়াৰ ওপৰিও পূৰ্ব পৰিকল্পিত বহু উপায়েৰে হ্ৰাস কৰিব পৰা যায় ভূমিকম্পৰ ফলত হ'ব পৰা ক্ষয় ক্ষতিৰ পৰিমাণ । কিন্তু তাৰ বাবে প্ৰয়োজন চৰকাৰ আৰু নাগৰিকৰ সদিচ্ছাৰ ।

দিনক দিনে প্ৰকৃতিয়ে ন ন ৰূপ ধাৰণ কৰাটো নিশ্চয়কৈ কোনো শুভ লক্ষণ নহয় । ক'ৰ'বাত খৰাং, ক'ৰ'বাত বানপানী, ক'ৰ'বাত বনজুই তেনেদৰেই চলিবলৈ হ'লে অতি শীঘ্ৰেই যে সমগ্ৰ বিশ্ববাসীলৈ এক ভয়ংকৰ দুৰ্যোগ নামি আহিব সেইয়া খাটাং ।

ভয়াৱহ বিপদৰ দিশে ধাৱমান নেকি পৃথিৱী ?
ব্যয় নোহোৱা পুঁজি উভতি যাব কেন্দ্ৰলৈ, আনহাতে ঋণত পোত গৈছে ৰাজ্য চৰকাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in