কমনৱেলথ গেমছৰ আজি অন্তিম দিন, মুঠ ৫৫টা পদকেৰে ৫ম স্থানত ভাৰত…

কমনৱেলথ গেমছৰ আজি অন্তিম দিন, মুঠ ৫৫টা পদকেৰে ৫ম স্থানত ভাৰত…

author-image
asomiyapratidin
New Update
কমনৱেলথ গেমছৰ আজি অন্তিম দিন, মুঠ ৫৫টা পদকেৰে ৫ম স্থানত ভাৰত…

ডিজিটেল ডেস্ক : ২৮ জুলাই পৰা আৰম্ভ হোৱা কমনৱেলথ গেমছৰ আজি অন্তিমটো দিন। বাৰ্মিংহামত ১১ দিনীয়াকৈ অনুষ্ঠিত হোৱা কমনৱেলথ গেমছত ভাৰতৰ দুৰ্দান্ত প্ৰদৰ্শনে মন মুহিছে দৰ্শকক। এতিয়া লৈ ভাৰতে মুঠ ৫৫টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। ১৮ টা সোণ, ১৫ টা ৰূপ আৰু ২২ টা ব্ৰঞ্জৰ পদকেৰে ৫ম স্থানত থাকিবলৈ সক্ষম হৈছে ভাৰত।

Advertisment

উল্লেখ্য যে অন্তিম দিনাৰ খেলত ভাৰতৰ পদক ৬টালৈ বৃ্দ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজি অৰ্থাৎ ৮ আগষ্টৰ দিনৰ ১.২০ বজাত বেডমিন্টনৰ ফাইনেল প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব পি ভি সিন্ধু। আনহাতে পুৰুষৰ বেডমিন্টনত ফাইনেল খেলিব লক্ষ্য সেনে।

ইয়াৰ উপৰিও পুৰুষৰ হকীৰ ফাইনেল খেল আবেলি ৫ বজাৰ পৰা আৰম্ভ হ'ব। বাৰ্মিংহামত অনুষ্ঠিত হোৱা ২০২২ বৰ্ষৰ কমনৱেলথ গেমছত পদকৰ তালিকাৰ শীৰ্ষ স্থানত আছে অষ্ট্ৰেলিয়া। ৬৬ টা সোণ, ৫৫ টা ৰূপ আৰু ৫৩ টা ব্ৰঞ্জৰ পদকেৰে মুঠ ১৭৪ টা পদক লাভ কৰি তালিকাৰ শীৰ্ষত স্থান বৰ্তাই ৰাখিছে অষ্ট্ৰেলিয়াই।

আৰু পঢ়ক : বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি…

commonwealth games 2022 india sports