কমনৱেলথ গেমছ- ৫ টা স্বৰ্ণসহ ভাৰতৰ দখলত ১৩ টা পদকঃ ৮ টা পদকেই আহিল ভাৰত্তোলনৰ পৰা…

কমনৱেলথ গেমছ- ৫ টা স্বৰ্ণসহ ভাৰতৰ দখলত ১৩ টা পদকঃ ৮ টা পদকেই আহিল ভাৰত্তোলনৰ পৰা…

author-image
asomiyapratidin
New Update
ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰীলৈ, AJP ৰ পৰা বিশ্বজিৎ ফুকনলৈ সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে স্বৰ্ণ কন্যা নয়নমণিক…

ডিজিটেল ডেস্কঃ বাৰ্মিংহামত ভাৰতে এটাৰ পিছত আন এটা সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। ভাৰত্তোলনত চমকপ্ৰদ প্ৰদৰ্শন অব্যাহত ৰখা ভাৰতে এই পৰ্যন্ত ৫ টা স্বৰ্ণ পদকসহ ৫ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদক দখল কৰিছে। মুঠ ১২ টা পদকৰ ভিতৰত কেৱল ভাৰত্তোলনতে লাভ কৰিছে ৮ টা পদক। ইয়াৰ ভিতৰত ৩ টা স্বৰ্ণসহ ৩ টা ৰূপ আৰু ২ টা ব্ৰঞ্জৰ পদক।

Advertisment

আনহাতে ইতিহাস সৃষ্টি কৰি ভাৰতীয় মহিলা লন বল দলটোৱে বাৰ্মিংহামত দখল কৰিলে সোণৰ পদক। ইয়াৰ পিছতে ভাৰতীয় টেবুল টেনিছৰ পুৰুষ দলটোৱে ছিংগাপুৰক পৰাস্ত কৰি দখল কৰিলে সোণৰ পদক। ৪ গৰাকী সদস্যৰে গঠিত ভাৰতীয় মহিলা লন বল দলটোৰ অন্যতম সদস্য গোলাঘাট জিলাৰ সৰুপথাৰ সমষ্টিৰ কন্যা তথা বন সুৰক্ষা কৰ্মী নয়নমণি শইকীয়া।

মুঠ ৭ গৰাকীকৈ অসমীয়া খেলুৱৈয়ে অংশগ্ৰহণ কৰা কমনৱেলথ গেমছৰ পৰা নয়নমণিয়ে প্ৰথমটো পদক কঢ়িয়াই আনিলে। উল্লেখ্যে যে ১২ বছৰ পূৰ্বে দিল্লীত অনুষ্ঠিত কমনৱেলথ গেমছত আৰ্চাৰীত অসমৰ জয়ন্ত তালুকদাৰে লাভ কৰিছিল ব্ৰঞ্জৰ পদক।

ইয়াৰ পিছত সুদীৰ্ঘ সময় অসমৰ কোনো খেলুৱৈয়ে কমনৱেলথ গেমছত লাভ কৰা নাছিল পদক। ইফালে স্বৰ্ণ পদক কঢ়িয়াই অনা নয়নমণিৰ কেৰিয়াৰৰ এইখন আছিল চতুৰ্থখন কমনৱেলথ গেমছ। ইয়াৰ পূৰ্বে তেওঁ ৩ খন কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছিল যদিও পদক লাভ কৰা নাছিল।

মঙ্গলবাৰে ভাৰতীয় মহিলা লন বল দলটোৱে সোণৰ পদক লাভ কৰাৰ কেইটামান মুহূৰ্তৰ পিছতে ভাৰতীয় পুৰুষৰ টেবুল টেনিছ দলটোৱেও লাভ কৰে সোণৰ পদক। ভাৰতীয় দলটোৱে চূড়ান্ত প্ৰতিযোগিতাত ছিংগাপুৰক পৰাস্ত কৰি এই পদক লাভ কৰিছে।

টেবুল টেনিছৰ ফাইনেলত ভাৰতে ছিংগাপুৰক ৩-১ ব্যৱধানত পৰাস্ত কৰে। জি সাথিয়ান আৰু হৰমিত দেশাইৰে গঠিত ভাৰতীয় পুৰুষ দলটোৰ বিজয়ৰ লগে লগে ভাৰতৰ সোণৰ পদকৰ সংখ্যা বৃদ্ধি হয় ৫ টালৈ।

ইয়াৰ পিছতে আন এক ৰূপৰ পদক দেশলৈ কঢ়িয়াই আনে ভাৰত্তোলক বিকাশ ঠাকুৰে। ৯৬ কেজি শাখাত বিকাশে লাভ কৰে ৰূপৰ পদক। পঞ্চম দিনটোৰ শেষলৈকে ভাৰতীয় মিক্সড বেডমিণ্টন যুটীয়েও লাভ কৰে ৰূপৰ পদক।

commonwealth games 2022 india sports india sports