বাতিল হ'ল ইৰাণৰ ৰাষ্ট্ৰপতি আৰু চি এন এনৰ সাক্ষাৎকাৰ

"মই নম্ৰভাৱে প্ৰত্যাখান কৰিলো..."

author-image
Asomiya Pratidin
New Update
বাতিল হ'ল ইৰাণৰ ৰাষ্ট্ৰপতি আৰু চি এন এনৰ সাক্ষাৎকাৰ

ডিজিটেল ডেস্ক : সমাজে গণ্য কৰা অনুপযুক্ত পোছাক পৰিধান কৰাৰ বাবে গণ ৰোষৰ বলি হৈ মৃত্যুক সাৱটি লোৱা ২২ বৰ্ষীয়া মাহছা আমিনৰ ঘটনাই সমগ্ৰ বিশ্বত তোলপাৰ লগোৱাৰ পাছতেই বৃহস্পতি বাৰে নিউ ইয়ৰ্কত এক সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল চি এন এনে । এই সাক্ষাৎকাৰ আছিল ইৰাণৰ ৰাষ্ট্ৰপতি এব্ৰাহিম ৰাইছি আৰু চি এন এন ৰ বৰ্ষীয়ান সাংবাদিক খ্ৰিষ্টিএন আমানপৌৰৰ মাজত । বৃহস্পতি বাৰে হঠাৎ খ্ৰিষ্টিএন আমানপৌৰে ইন্টাৰনেটত প্ৰকাশ কৰা এখন স্থিৰ চিত্ৰই সলনি কৰি দিয়ে সমগ্ৰ দৃশ্যপট । 

Advertisment

এখন চকীত খ্ৰিষ্টিএন আমানপৌৰ বহি থকাৰ ওপৰিও সন্মুখত আছিল এখন খালী চকী । যিখন চকীত বহি সাক্ষাৎকাৰ দিয়া কথা আছিল ইৰাণৰ ৰাষ্ট্ৰপতিয়ে । ছবিখনৰ সৈতে লিখা আছিল "মই নম্ৰভাৱে প্ৰত্যাখান কৰিলো..." । ইয়াৰ পাছতেই সমগ্ৰ বিশ্বজুৰি খলকনি তোলে ছবিখনে । 

বাতৰি অনুসৰি, শিৰত আবুৰ ল'বলৈ প্ৰত্যাখান কৰাৰ বাবেই খ্ৰিষ্টিএন আমানপৌৰক সাক্ষাৎকাৰ নিদিলে ইৰাণৰ ৰাষ্ট্ৰপতি এব্ৰাহিম ৰাইছিয়ে । চি এন এনৰ মুখ্য আন্তৰ্জাতিক ঘোষক খ্ৰিষ্টিএনে এই অনুৰোধ নম্ৰভাৱে প্ৰত্যাখান কৰাৰ পাছতেই ইন্টাৰনেটত প্ৰকাশ কৰে সাক্ষাতকাৰ বাতিল হোৱাৰ কথা । বৰ্তমান ইৰাণৰ অস্থিৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰপতি গৰাকীয়ে এনে অনুৰোধ কৰা বুলি জানিবলৈ দিয়ে এক বিশেষ সূত্ৰই ।

উল্লেখ্য যে, বৰ্তমান ইৰাণত বোৰ্খা প্ৰথাৰ বিৰুদ্ধে যোৱা এসপ্তাহ ধৰি পৰিলক্ষিত হৈছে বহু প্ৰতিবাদ আৰু বিতৰ্কৰ । মহিলাসকল ৰাজপথলৈ আহি জ্বলাই দিয়া পৰিলক্ষিত হৈছে বোৰ্খা । আনহাতে ২০২২ বৰ্ষতে ভাৰতত বোৰ্খাৰ সমৰ্থনত দেখা গৈছিল প্ৰতিবাদী কাৰ্যসূচী । কৰ্ণাটকাৰ বহু শিক্ষাৰ্থীয়ে শিক্ষা অনুষ্ঠানত বোৰ্খা পৰিধান কৰি অহাৰ বাবে বিষম ৰূপ লৈছিল ঘটনাই । 

বিশ্বৰ দুই প্ৰ‍ান্তত বোৰ্খাৰ বিৰুদ্ধে আৰু সমৰ্থনত হোৱা প্ৰতিবাদে প্ৰমাণ কৰে যে এই আন্দোলন কেৱল আবুৰৰ বাবে নহয় বৰং বৰ্তমানৰ পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে হে ।

CNN iran interview