/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/9fffbd75-c95a-4476-ac5f-58b14ac5a02a/ronaldo.jpg)
ডিজিটেল ডেস্ক : বিশ্বৰ অন্যতম ফুটবল খেলুৱৈ খ্ৰিষ্টিয়ানো ৰোনাল্ডোই যোগদান কৰিলে চৌদি আৰৱৰ ক্লাব আল নাছৰত । ২০২৫ বৰ্ষলৈ ক্লাবটিৰ সৈতে চুক্তিবদ্ধ হোৱা খ্ৰিষ্টিয়ানো ৰোনাল্ডো ইয়াৰ পূৰ্বে আছিল মানচেষ্টাৰ ইউনাইটেড নামৰ জনপ্ৰিয় ইংৰাজী ফুটবল ক্লাবটিত। কিন্তু বিভিন্ন ধৰণৰ বিতৰ্কৰ বাবে ক্লাবটিয়ে চুক্তি ভংগ কৰিবলৈ বাধ্য হয় খেলুৱৈ গৰাকীৰ সৈতে ।
উল্লেখ্য যে, খেলুৱৈ গৰাকীয়ে ৩৭ বছৰ বয়সতো প্ৰায় ৭৫ মিলিয়ন ডলাৰ প্ৰতি বছৰে লাভ কৰিব নতুন ক্লাবটিৰ পৰা । এই চুক্তি ইতিমধ্যেই সম্পন্ন হৈছে খেলুৱৈ গৰাকী আৰু ক্লাবটিৰ স্বত্বাধিকাৰীৰ সৈতে । তেনেস্থলত আগন্তুক সময়ত খেলুৱৈ গৰাকীক এক নতুন পোছাকত অনুৰাগী সকলে দেখিবলৈ পাব বুলি আশাবদ্ধ সকলো ।
আনহাতে, বৰ্ষীয়ান খেলুৱৈ গৰাকীৰ সদ্য সমাপ্তি ঘটা কাটাৰ বিশ্বকাপ আছিল অন্তিমখন বিশ্বকাপ । পৰৱৰ্তী সময়ত পৰ্টুগালৰ জাৰ্ছীত খেলুৱৈ গৰাকীক হয়তো দেখিবলৈ পোৱা নাযাব । ইয়াৰ ওপৰিও ছৌদি আৰৱৰ ক্লাবৰ হৈ খেলাৰ বাবে জনপ্ৰিয় লীগ সমূহতো অনুভৱ হ'ব খেলুৱৈ গৰাকীৰ অনুপস্থিতি ।
আৰু পঢ়ক : কাছাৰৰ ভাংগাৰপাৰত জব্দ চুপাৰিভৰ্তি ট্রাক