/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/yuan-wang.jpg)
ডিজিটেল ডেস্ক: চীন-টাইৱানৰ বিগত কিছুদিনৰ পৰা চলি অহা অৰিয়া-অৰিৰ মাজতেই ১৬ আগষ্ট, মঙলবাৰে পুৱা শ্ৰীলংকাৰ জলবন্দৰত আশ্রয় লয় চীনা চোৰাংচোৱা জাহাজ য়ুৱান ৱাঙে । শ্রীলংকাৰ আপত্তিৰ পাছতো আজি পুৱা হাম্বানটোতা বন্দৰত আশ্রয় লোৱা এই জাহাজখন হৈ উঠিব পাৰে চিন্তনীয় বিষয় ।ভাৰতে ওড়িষাৰ উপকূল অঞ্চলৰ আব্দুল কালাম দ্বীপত পৰিক্ষণ চলোৱা বালিষ্টিক মিছাইলসমূহ অতি সহজেই ধৰা পৰিব য়ুৱান ৱাঙৰ ৰাডাৰত । ইয়াৰ ওপৰিও য়ুৱান ৱাঙে ভাৰত মহাসাগৰত ভৱিষ্যতৰ চাবমেৰিন অভিযানসমূহৰ বাবে জৰীপ চলাব বুলিও আশংকা প্ৰকাশ কৰা হৈছে । আনহাতে, ২০১৪ চনত শ্ৰীলংকাই চীনৰ পাৰমানৱিক চাবমেৰিন এখনক কলোম্বো জলবন্দৰত আশ্রয় দিয়াৰে পৰা ভাৰত-শ্ৰীলংকাৰ মাজৰ সম্পৰ্কত ফাটঁ মেলিছিল । উল্লেক্ষ্য যে, ভাৰতৰ মূল আশংকা শ্ৰীলংকাৰ হাম্বানটোতা বন্দৰহে । চীনৰ ঋণ পৰিশোধ কৰিব নোৱাৰি ৯৯ বছৰলৈ লীজত দিয়া এই জল-বন্দৰটোত চীনে সামৰিক পৰীক্ষণ চলোৱাৰ সম্ভাৱনা অধিক ।যি সময়ত, শ্ৰীলংকাৰ আন্ত:গাঁথনিৰ বাবে মুল ঋণ প্ৰদানকাৰী দেশ চীন, তেনে সময়তে শ্ৰীলংকাৰ বৰ্তমানৰ দূৰ্ভিক্ষৰ সময়ত প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি আহিছে ভাৰতবৰ্ষই ।
আৰু পঢ়ক : পুনৰ সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিলে কাশ্মীৰী পণ্ডিতক…