ড'নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধঃ পুনৰ চীনে ক'লে ভাৰত আমাৰ কাষত থিয় দিয়ক...

‘আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কঠোৰ শুল্ক নীতিৰ মুখামুখি হ’বলৈ ভাৰত আৰু চীন কাষ চাপিব লাগে। সংকটৰ সময়ত দুয়োখন দেশে এখনে আনখন দেশৰ কাষত থিয় দিব লাগে, হাতে হাতে ধৰি।’

author-image
Asomiya Pratidin
New Update
ড'নাল্ড ট্ৰাম্পৰ শুল্ক যুদ্ধঃ পুনৰ চীনে ক'লে ভাৰত আমাৰ কাষত থিয় দিয়ক...

ডিজিটেল ডেস্কঃ‘আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কঠোৰ শুল্ক নীতিৰ মুখামুখি হ’বলৈ ভাৰত আৰু চীন কাষ চাপিব লাগে। সংকটৰ সময়ত দুয়োখন দেশে এখনে আনখন দেশৰ কাষত থিয় দিব লাগে, হাতে হাতে ধৰি।’ ভাৰতস্থিত চীনৰ দূতাবাসৰ মুখপাত্ৰ ইউ জিঙে শেহতীয়াকৈ এই মন্তব্য কৰিছে। 

Advertisment

ইউ জিঙে নিজৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত দিয়া এটা পোষ্টত ভাৰত আৰু চীনৰ অৰ্থনৈতিক আৰু বাণিজ্যিক সম্পৰ্কৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই মন্তব্য কৰিছে। তেওঁৰ মতে এই সম্পৰ্কই সকলো বাধা অতিক্ৰম কৰিব পাৰে। ভাৰত আৰু চীন একত্ৰিত হ’লে আমেৰিকাৰ শুল্ক নীতিক প্ৰতিহত কৰিবলৈ সক্ষম হ’ব। 

তেওঁ কয়, "দুখন বৃহত্তম উন্নয়নশীল দেশ ভাৰত আৰু চীনে ট্ৰাম্পৰ শুল্ক নীতিৰ সমস্যা দূৰ কৰিবলৈ একেলগে থিয় দিব লাগে।" ইউ জিঙৰ দাবী যে চীনৰ অৰ্থনীতি এনে এক ব্যৱস্থাৰ ওপৰত নিৰ্মিত যিয়ে বিশ্ব বাণিজ্যৰ সুস্থিৰ বৃদ্ধিও নিশ্চিত কৰে। ইতিবাচক প্ৰভাৱ পেলায়।

চীনৰ দূতাবাসৰ আন এগৰাকী মুখপাত্ৰই বিশ্বাস কৰে যে আমেৰিকাৰ শুল্কৰ সন্মুখীন হোৱা দেশসমূহে উন্নয়নৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব। বাণিজ্য বা শুল্ক যুদ্ধত কোনেও কেতিয়াও জয়ী হ’ব নোৱাৰে। সকলো দেশেই বহুপক্ষীয়তাক অগ্ৰাধিকাৰ দি একপক্ষীয় সিদ্ধান্তৰ বিৰোধিতা কৰা উচিত।

উল্লেখ্য যে, মঙলবাৰে ট্ৰাম্প প্ৰশাসনে চীনৰ কেতবোৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। ফলত চীনৰ সামগ্ৰীৰ ওপৰত সৰ্বাধিক ১০৪ শতাংশ শুল্ক আৰোপ কৰা হৈছে। যি বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। 

এই ঘোষণা ৰাজহুৱা হোৱাৰ লগে লগে দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ উত্তাপ আৰু অধিক বৃদ্ধি পাইছে। আমেৰিকাৰ শুল্ক নীতিৰ প্ৰত্যুত্তৰত চীনেও ঘোষণা কৰিছে যে আমেৰিকাই আৰম্ভ কৰা এই যুঁজখন তেওঁলোকে শেষ কৰিব! সেয়ে বহুতে বিশ্বাস কৰে যে ইউ জিঙৰ মন্তব্য তাৎপৰ্যপূৰ্ণ। 

তেওঁলোকৰ মতে, চীনে ট্ৰাম্প প্ৰশাসনৰ বিৰুদ্ধে কৰিবলোৱা যুঁজত ভাৰত তেওঁলোকৰ পক্ষত থাকিব লাগে। উল্লেখ্য যে ইয়াৰ পূৰ্বে বেইজিঙেও বিগত সময়ত ট্ৰাম্পৰ শুল্ক নীতিৰ বিৰুদ্ধে যুঁজত নতুন দিল্লীলৈ সমৰ্থনৰ বাৰ্তা প্ৰেৰণ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ীৰ মতে, যোৱা বছৰ ৰাছিয়াত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত মিলিত হোৱাৰ পিছত ভাৰত আৰু চীনৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক অগ্ৰগতি লাভ কৰিছে। অৱশ্যে ভাৰতৰ ফালৰ পৰা এতিয়ালৈকে এই বিষয়ত কোনো আনুষ্ঠানিক মতামত প্ৰকাশ কৰা নাই।

 

ড'নাল্ড ট্ৰাম্প চীন