সাপ হৈ খুটি বেজ হৈ জৰা প্ৰক্ৰিয়া অব্যাহত চীনৰ

সাপ হৈ খুটি বেজ হৈ জৰা প্ৰক্ৰিয়া অব্যাহত চীনৰ

ডিজিটেল ডেস্ক : ৰাছিয়াৰ বিখ্যাত লিখক লিঅ' টলষ্টয়ৰ সৰ্বত্ৰ চৰ্চিত উপন্যাস "যুদ্ধ আৰু শান্তি"ৰ বিষয়ে কোনেনো নাজানে ? ১৮৬৭ চনতেই প্ৰথম বাৰৰ বাবে প্ৰকাশিত এই উপন্যাসখনে খলকনি তুলিছিল বিশ্বজুৰি । কাৰণ একেটাই । যুদ্ধ আৰু শান্তি ।

এতিয়া পুনৰ একেটাই কাৰণত উত্তাল বিশ্ব । ক'ৰ'বাত যদি যুদ্ধ, আন ক'ৰ'বাত আকৌ শান্তি আলোচনা । কিন্তু এইদৰে জানো সম্ভৱ বিশ্বশান্তি ?

চীনৰ এই যুদ্ধ আৰু শান্তি সন্দৰ্ভত দুমুখীয়া নীতিৰ কাহিনী সকলোৰে পৰিচিত । পুনৰ এবাৰ সেই কাহিনী দোহৰাই বিশ্বশান্তি অনাৰ দিশে চীন । চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙক বিগত সপ্তাহত দেখা গ'ল ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে । এই বৈঠকৰ মূল লক্ষ্য আছিল ইউক্ৰেইনত শান্তি স্থাপনৰ ।

ইউৰোপৰ মূল দেশ সমূহৰ ভিতৰত অন্যতম ফ্ৰান্স । শেহতীয়াকৈ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকৰ পাছত ইউক্ৰেইনেও পৰোক্ষভাৱে শান্তি স্থাপনৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল । তাৰ পাছত ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে এই আলোচনাই সম্ভৱত শান্তি আলোচনাৰ দিশে সমগ্ৰ বিষয়টোক লৈ যাব ।

কিন্তু চীনৰ দুমুখীয়া নীতি জানো বাদ পৰিব এই আলোচনাৰ পৰা ? কিয়নো ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ সৈতে এই আলোচনাৰ মাজতেই বহু বিতৰ্কিত টাইৱানৰ ওপৰেৰে উৰি আছিল চীনৰ সামৰিক বিমান । কেওফালে নিজৰ দখললৈ আনিব পৰা সকলো অঞ্চলত সেনা বাহিনী মোতায়েন কৰি সৰ্বশেষত শান্তি আলোচনাৰ কথা চীনৰ ।

চীনৰ এই দুমুখীয়া নীতি সন্দৰ্ভত সমগ্ৰ বিশ্বই জ্ঞাত । তিব্বত অধিকাৰ কৰাৰ পাছত ভাৰতৰ সৈতে সীমা বিবাদত লিপ্ত চীন । তেনেস্থলত বিশ্ব শান্তিৰ কথা কিদৰে ক'ব পাৰে চীনে বুলি এতিয়া প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ বিশ্বত ।

সাপ হৈ খুটি বেজ হৈ জৰা প্ৰক্ৰিয়া অব্যাহত চীনৰ
সফলতাৰে সামৰণি পৰিল আবাহন থিয়েটাৰৰ নাট্যবৰ্ষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in