/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/a2aoeoo8_china-highway-taiyuan-city-highway-threestorey-highway-bridge_625x300_03_January_19.jpg)
ডিজিটেল ডেস্কঃ পুনৰ অভিলেখ গঢ়িলে চীনে। সমগ্ৰ বিশ্বত আটাইতকৈ দীঘল সাগৰীয় দলং নিৰ্মাণৰ পাছত এইবাৰ চীনে সাজি উলিয়াইছে এটা বিশেষ ঘাইপথ। চীনৰ টাইৱাং চহৰত নিৰ্মাণ কৰা হৈছে এই ঘাইপথটো। চীনৰ উত্তৰ-পশ্চিম অঞ্চলৰ সাক্ষী প্ৰান্তত নিৰ্মাণ কৰি উলিওৱা হৈছে এই তিনিমহলীয়া ঘাইপথটি। এই পথটি তিয়ানলোংগ পাহাৰত মুঠ ১,৩৭০ মিটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/4isnqk48_china-highway-taiyuan-city-highway-threestorey-highway-bridge_625x300_03_January_19.jpg)
উল্লেখ্য যে, সাপৰ কুণ্ডলী সদৃশ এই পথটোৰ দৈৰ্ঘ্য ৩০ কিঃমিঃ। অৰ্থাৎ আপুনি পথটোত এবাৰ যাত্ৰা আৰম্ভ কৰিলে আদবাটত গাড়ী নৰখোৱাকৈ সম্পূৰ্ণ কৰিব লাগিব যাত্ৰা। কিন্তু পথটোত বৰ্তমানেও আনুষ্ঠানিকভাৱে মুকলি কৰা হোৱা নাই। কাৰণ পথটোত পৰীক্ষামূলকভাৱেহে যান-বাহন চলাই থকা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/u956b0r_china-highway-taiyuan-city-highway-threestorey-highway-bridge_625x300_03_January_19.jpg)
ইফালে, এই পথটো নিৰ্মাণত প্ৰায় ৭ হাজাৰ টন ষ্টীল ব্যৱহাৰ কৰা হৈছে। আৰু তিনিমহলীয়া এই পথটোৰ মুঠ উচ্চতা ৩৫০ মিটাৰ। চীনৰ অত্যাধুনিক প্ৰযুক্তিৰ দ্বাৰাহে এই কাম সফল হোৱা বুলি উল্লেখ কৰি বৰ্তমান চাইনা চৰকাৰে এই পথটো পৰ্যটকক বিশেষ আকৰ্ষণ কৰিব বুলি আশা প্ৰকাশ কৰে।