/asomiyapratidin/media/media_files/2025/03/24/cx9gedvXGphiZM3I5VI4.jpg)
ডিজিটেল ডেস্কঃ এসময়ত জন্ম নিয়ন্ত্ৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা চীনে এইবাৰ জনসংখ্যা বৃদ্ধিৰ বাবে পূৰ্বৰ বহু নিয়ম শিথিল কৰাৰ তথ্য পোহৰলৈ আহিছে। চুবুৰীয়া দেশখনে জনসংখ্যা বৃদ্ধিৰ বাবে বিভিন্ন ধৰণৰ আৰ্থিক ৰাজসাহাৰ্যও ঘোষণা কৰিছে।
জানিব পৰা মতে এইবাৰ তেওঁলোকে বিবাহ আইন শিখিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই আইন শিথিল কৰি চীন চৰকাৰে দাবী কৰিছে নতুন নিয়মে দেশখনৰ নতুন প্ৰজন্মক আৰ্থিকভাৱে লাভৱান কৰিব।
চীনৰ প্ৰচলিত বিবাহ আইন অনুসৰি বিবাহ পঞ্জীয়ন কৰিবলৈ হ’লে দৰা-কইনাই নিজৰ স্থায়ী ঠিকনাৰ চহৰখনলৈ গৈ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিছিল। অৰ্থাৎ কাৰোবাৰ ঘৰ যদি কোনো গাঁৱত বা টাউনশ্বিপত থাকে, আৰু তেওঁলোক কৰ্মসূত্ৰে বেইজিং বা আন তেনে কোনো চহৰাঞ্চলত থাকে তেন্তে তেওঁলোকে সেই চহৰৰ পৰা বিবাহ পঞ্জীয়নৰ বাবে জন্মস্থানলৈ ঢাপলি মেলিবলগীয়া হৈছিল। তেওঁলোকে কৰ্মস্থলীৰ চহৰত বিবাহ পঞ্জীয়নৰ সুযোগ লাভ কৰা নাছিল।
এই নিয়মৰ বাবে দেশখনৰ যুৱক-যুৱতীসকলে বিবাহ প্ৰক্ৰিয়া সম্পন্ন কৰাত আৰ্থিক ভাৱে যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। চীনৰ চৰকাৰী সূত্ৰই দাবী কৰিছে বিবাহ আইন শিথিল কৰি কাৰ্যকৰী কৰা নতুন নিয়মৰ ফলত দম্পতীৰ সময় আৰু খৰচ দুয়োটা হ্ৰাস পাব। এনে নিয়মৰ বাবে বিবাহৰ প্ৰতি আগ্ৰহ নোহোৱা হোৱা চীনৰ নতুন প্ৰজন্মৰ মাজত বিবাহৰ প্ৰতি উৎসাহ বৃদ্ধি পাব।
উল্লেখ্য যে, বিগত তিনি বছৰ ধৰি চীনত চকুতলগাকৈ হ্ৰাস পাইছে বিবাহৰ সংখ্যা। চৰকাৰী তথ্য অনুসৰি ২০২৪ চনত পূৰ্বৰ বছৰৰ তুলনাত ২০ শতাংশ কমকৈ বিবাহ সম্পন্ন হৈছিল। জন্মৰ হাৰো সমান্তৰালভাৱে হ্ৰাস হৈ আহিছে।
সেয়ে মানৱ সম্পদৰ কথা চিন্তা কৰি আৰু যুৱ প্ৰজন্মৰ মাজত বিবাহৰ আগ্ৰহ বৃদ্ধি কৰিবলৈ এইদৰে বিবাহ পঞ্জীয়ন আইন শিথিল কৰাৰ সিদ্ধান্ত লোৱা বুলি প্ৰকাশ পাইছে।