দক্ষিণ চীনত সংঘটিত ভূমিস্খলন ঘটনাত নিহতৰ সংখ্যা ৪৮ লৈ বৃদ্ধি...

দক্ষিণ চীনত সংঘটিত ভূমিস্খলন ঘটনাত নিহতৰ সংখ্যা ৪৮ লৈ বৃদ্ধি...

ডিজিটেল ডেস্কঃ চীনৰ  দক্ষিণ প্ৰান্তৰ মানঝৌত এক্সপ্ৰেছৱে' খহি পৰাৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৮লৈ বৃদ্ধি পাইছে। জানিব পৰা মতে ঘটনাত আহত আৰু ৩০গৰাকী লোকে চিকিৎসালয়ত চিকিৎসা গ্রহণ কৰি আছে। ইয়াৰ ভিতৰত কাৰো অৱস্থা সংকটজনক নহয় বুলি জানিব পৰা গৈছে।

মানঝৌৰ এটা পাহাৰীয়া অঞ্চলত বিগত এমাহ ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ পাছত বৃহস্পতিবাৰে পুৱা এই ঘটনা সংঘটিত হয়। এক্সপ্ৰেছৱে' খহি পৰাৰ ফলত ২০খনতকৈও অধিক বাহন পাহাৰৰ পৰা তললৈ বাগৰি পৰে। ঘটনাৰ ফলত মাটিত পোত যোৱা বহু বাহনৰ উদ্ধাৰৰ প্ৰচেষ্টা এতিয়াও চলি আছে।

দক্ষিণ চীনত সংঘটিত ভূমিস্খলন ঘটনাত নিহতৰ সংখ্যা ৪৮ লৈ বৃদ্ধি...
বকোৰ পয়ৰাংগাত বিধ্বংসী অগ্নিকাণ্ড...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in