চীনৰ এজন ‘চকীদাৰ’…

চীনৰ এজন ‘চকীদাৰ’…

author-image
asomiyapratidin
New Update
চীনৰ এজন ‘চকীদাৰ’…

ডিজিটেল ডেস্কঃ বিগত কিছুদিনৰ পৰা ছচিয়েল মিডিয়াত সবাতোকৈ বেছি চৰ্চিত শব্দটো হৈছে চকীদাৰ। বিজেপিয়ে ২০১৯ৰ সাধাৰণ নিৰ্বাচনৰ শ্ল'গান হিচাপে বাছি লৈছে ' মইয়ো চকীদাৰ' শীৰ্ষক বাক্যশাৰী। বিজেপিৰ এই নিৰ্বাচনী শ্ল'গানৰ পাছতে সকলোতে চৰ্চিত বিষয় এতিয়া চকীদাৰ।

Advertisment

'চকীদাৰ'ৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ চীনৰ এজন চকীদাৰে ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছে। চীনৰ ৰাজধানী বেইজিঙত এটা বিশাল এৰ্পাটমেন্টত দিনে-ৰাতিয়ে' অৰ্থাৎ ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰে এই চকীদাৰজনে। কোনো অচিনাকী লোক দেখিলে তৎক্ষণাত ফটোও মাৰি থয় চকীদাৰজনে। এৰ্পাটমেন্টলৈ অহা লোকৰ সৈতে কথা-বতৰা পতাৰ লগতে কোনো লোকে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে সংকেত ধ্বনিও বজাই এৰ্পাটমেন্টৰ সকলোকে সৰ্তক কৰি দিয়ে। ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰা এই চকীদাৰ জন আচলতে এটা ৰবটহে।

২০১৮ চনৰ পৰা ২০১৯ৰ চনৰ বৰ্তমানৰ লৈকে এই ৰবটটোক লৈ পৰীক্ষা-নিৰীক্ষা চলাই আহিছে 'বেইজিঙ এৰোস্পেছ অট'মেটিক কন্টল' নামৰ এক প্ৰতিষ্ঠানে। প্ৰতিষ্ঠানটোৰ পৰিযোজনা নিৰ্দেশক লিয়ু গাঙ্গজুনে সংবাদমাধ্যমক জানিবলৈ দিয়ে যে- এই ৰবটটোৱে কেৱল সুৰক্ষা দিয়াই নহয়, বিভিন্ন বেআইনী কামৰো চিনাক্ত কৰিব পৰা ক্ষমতা আছে। এই ৰৱটটোৱে বতৰৰো আগজাননী প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰিও সমধুৰ গল্প,গানো গাব পাৰে ৰবটটোৱে।