
ডিজিটেল ডেস্ক : চুবুৰীয়া ৰাষ্ট্ৰ অথবা ন' মেনছ লেণ্ডত চীনৰ আগ্ৰাসন নতুন কথা নহয় । ইয়াৰ পূৰ্বেও তেনে বহু অঞ্চলত চীনে আগ্ৰাসন চলাই আহিছিল । তীব্বত, টাইৱানৰ ওপৰিও ভাৰততো ইতিপূৰ্বে আক্ৰমণ কৰিছিল চীনে । প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সময়ত প্ৰতিৰক্ষামন্ত্ৰী আছিল কৃষ্ণ মেনন । সেই সময়তেই চীনা সেনা আহি অৰুণাচল পাইছিলহি । এয়াই মাওৰ চীনৰ আগ্ৰাসনৰ ইতিহাস ।
পাৰ্ল থিয়ৰী হৈছে চীনৰ এই আগ্ৰাসনৰ শৈলী । আগ্ৰাসন কেৱল সেনাৰ দিশৰ পৰাই নহয় বৰং অৰ্থনৈতিক দিশৰ পৰাও যে সম্ভৱ সেইয়া চীনে কোন কাহানিবাই বুজাই দিছে সমগ্ৰ বিশ্বক । চুবুৰীয়া ৰাষ্ট্ৰৰ সীমান্তৱৰ্তী অঞ্চলসমূহত সেনাৰ চাউনী, বৃহৎ উদ্যোগ স্থাপন আদিৰ জৰিয়তে ধীৰে ধীৰে সেই অঞ্চলসমূহত সোমাই পৰে চীন । এয়াই হৈছে কুখ্যাত চীনৰ বিখ্যাত পাৰ্ল থিয়ৰী ।
চীনে ইতিমধ্যে প্ৰকাশ কৰিছে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ সেনাৰ বাজেট, য'ত পূৰ্বৰ তুলনাত ৭ শতাংশ বৃদ্ধি পাইছে সেনাৰ বাজেট । আশংকা কৰা হৈছে এই বাজেট সেনাৰ অভ্যূত্থানৰ বাবেহে । অৰ্থাৎ যি যি অঞ্চলত চীনে আগ্ৰাসন চলাই আহিছে অথবা চলাব সেই অঞ্চসমূহত ব্যয় কৰা হ'ব এই বাজেট ।
চীনৰ এইবাৰৰ সেনাৰ বাজেট হৈছে ২২৫ বিলিয়ন আমেৰিকান ডলাৰ । অৱশ্যে বিশেষজ্ঞৰ মন্তব্য অনুসৰি, এইয়া বাজেটৰ সঠিক অংক নহয় । প্ৰকৃত বাজেট ইয়াতকৈ বহু বেছি । এই ক্ষেত্ৰত চীনৰ প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰীৰ ভাষ্য পৃথক । তেওঁৰ মন্তব্য অনুসৰি, আন্ত:ৰাষ্ট্ৰীয় স্তৰত চীনক দমন কৰাৰ যি পৰিকল্পনা চলিছে, তাৰ বাবেহে এই বাজেট ধাৰ্য্য কৰা হৈছে ।
চীনৰ প্ৰকৃত তথ্য লাভ কৰাটো কল্পনাৰো অলীক । কিন্তু পৰৱৰ্তী সময়ত চীনৰ পদক্ষেপেই সমগ্ৰ বিশ্বক জনাব পৰিকল্পনা । আনহাতে, সন্মুখত সাম্ভাৱ্য বিশ্বযুদ্ধ । যাৰ বাবেও বৃদ্ধি কৰা হ'ব পাৰে চীনৰ প্ৰতিৰক্ষাৰ বাজেট ।