আজি আদালতত হাজিৰ কৰোৱা হ'ব মনিষ ছি'চদিয়াক...

: সোমবাৰে আদালতত হাজিৰ কৰোৱা হব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াক। সুৰা কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিচদিয়াক।
আজি আদালতত হাজিৰ কৰোৱা হ'ব মনিষ ছি'চদিয়াক...

ডিজিটেল ডেস্ক: সোমবাৰে আদালতত হাজিৰ কৰোৱা হব দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনিষ ছিচদিয়াক। সুৰা কেলেংকাৰীৰ অভিযোগত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল ছিচদিয়াক। তেতিয়াৰ পৰা চিবিআই জিম্মাত আছিল ছিচদিয়া।

গ্ৰেপ্তাৰৰ পাছতেই পদত্যাগ কৰিছিল মনিষ ছিচদিয়াই। নেতা গৰাকী গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আপে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্ত কৰাও দেখা গৈছিল।নেতা গৰাকীৰ জামিনৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে প্ৰথমে উচ্চ ন্যায়ালয়ৰ ওচৰলৈ যাবলৈ নিৰ্দেশ দিছিল।

আজি মনিষ ছিচদিয়াৰ ৫ দিনৰ জিম্মা শেষ হৈছে। গতিকে আজি আদালতত কি সিদ্ধান্ত লয় সেয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in