/asomiyapratidin/media/media_files/2024/12/18/gajeDjMkOszqgZxqNSym.jpg)
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িৰ মাজত আজি বেইজিঙত এক বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত এল এ চিত শান্তি বৰ্তাই ৰখা, পূব লাডাখ সম্পৰ্কে গুৰুত্বসহকাৰে আলোচনা কৰা হৈছে।
উল্লেখ্য যে, বেইজিং ভ্ৰমণৰত ভাৰতৰ এটা প্ৰতিনিধি দলক নেতৃত্ব প্ৰদান কৰিছে অজিত ডোভালে। মঙ্গলবাৰে বেইজিঙত উপস্থিত হোৱা ডোভালে পাঁচ বছৰৰ অন্তত বিশেষ প্ৰতিনিধিসকলৰ সৈতে এই বিশেষ বৈঠকত ভাগ লৈছে।
ইয়াৰ পূৰ্বে এনে বৈঠক ২০১৯ ত দিল্লীত অনুষ্ঠিত হৈছিল। আজি পুৱা ১০ বজাত অনুষ্ঠিত হোৱা এই বিশেষ বৈঠকত দুয়োখন দেশৰ সীমা বিবাদ দূৰীকৰণৰ ওপৰত সহমতত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।
এন এছ এ অজিত ডোভালে আজি পুৱা ১০ বজাত চীনৰ বিদেশ মন্ত্ৰী ৱাং য়িক সাক্ষাৎ কৰে। ২১ অক্টোবৰত পূব লাডাখৰ পৰা সৈন্য স্থানান্তিৰত কৰাৰ তহল দিয়াৰ সন্দৰ্ভত চুক্তিত স্বাক্ষৰ হোৱাৰ পিছত দুয়োখন দেশৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলৰ মাজত এনে এক বৈঠক অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছিল।
ভাৰত আৰু চীনৰ মাজত এই বছৰৰ অক্টোবৰতে সীমা বিবাদ সমাধান কৰিবলৈ সন্মত হৈছিল। ইয়াৰ বাবে দুয়োখন দেশে অজিত ডোভাল আৰু ৱাং য়িক বিশেষ প্ৰতিনিধি হিচাপে দায়িত্ব প্ৰদান কৰিছে।
২০১৯ চনৰ পাছত ভাৰতৰ শীৰ্ষ বিষয়াৰ এয়াই প্ৰথম চীন ভ্ৰমণ। ২০১৯ ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বেইজিং ভ্ৰমণ কৰিছিল। তাৰ পাছত এই দীঘলীয়া সময় ধৰি কোনো ভাৰতীয় শীৰ্ষ বিষয়া, মন্ত্ৰীয়ে চীন ভ্ৰমণ কৰা নাই।
আজিৰ বৈঠকৰ সবিশেষ এতিয়াও প্ৰকাশ পোৱা নাই যদিও দুয়োখন ৰাষ্ট্ৰৰ মাজত গুৰুত্বপূৰ্ণ উমৈহতীয়া বুজাবুজি, এখন দেশে আন এখন দেশৰ মূল স্বাৰ্থক সন্মান প্ৰদৰ্শন কৰা, যোগাযোগৰ জৰিয়তে পাৰস্পৰিক বিশ্বাস শক্তিশালী কৰা, সততাৰে, সঠিকভাৱে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা আৰু দ্বিপাক্ষিক সম্পৰ্ক উন্নত হোৱাৰ বাবে চীনে ভাৰতৰ সৈতে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে বুলিও জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us