‘চিকেন টিক্কা মচলা’ৰ আৱিষ্কাৰক আলী আহমেদ আছলামৰ মৃত্যু

ইউকেত বসতি স্থাপন কৰা ভাৰতীয় বংশোদ্ভূত চেফ আলী আহমেদ আছলামৰ মৃত্যু হৈছে।পৰিয়ালৰ সূত্ৰে জনোৱা মতে সোমবাৰে আহমেদ আছলামৰ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ

author-image
Asomiya Pratidin
New Update
‘চিকেন টিক্কা মচলা’ৰ আৱিষ্কাৰক আলী আহমেদ আছলামৰ মৃত্যু

ডি়জিটেল ডেস্ক: ইউকেত বসতি স্থাপন কৰা ভাৰতীয় বংশোদ্ভূত চেফ আলী আহমেদ আছলামৰ মৃত্যু হৈছে।পৰিয়ালৰ সূত্ৰে জনোৱা মতে সোমবাৰে আহমেদ আছলামৰ মৃত্যু হয়।মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ।আছলামক ১৯৭০ৰ দশকত ব্ৰিটেইনৰ অন্যতম জনপ্ৰিয় ব্যঞ্জন ‘চিকেন টিক্কা মচলা’ উদ্ভাৱন কৰাৰ কৃতিত্ব দিয়া হয়। ইয়াক ব্ৰিটেইনৰ ‘ৰাষ্ট্ৰীয় ব্যঞ্জন’ বুলিও জনা যায়। তৰকাৰী ব্যঞ্জনৰ বাবে জনপ্ৰিয় আছলামক 'কাৰী কিং' বুলিও অভিহিত কৰা হয়। গ্লাছগোত তেওঁৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট ‘শিশ মহল’ত ভোজন কৰি হাজাৰ হাজাৰ লোকে তেওঁক ‘মিঃ আলী’ বুলিয়েই সম্বোধন কৰিছিল। উল্লেখ্য যে, আছলাম আৰু তেওঁৰ পৰিয়ালে ইউকেত ভাৰতীয় ৰন্ধন প্ৰণালীক জনপ্ৰিয় কৰি তুলিছে বুলি গণ্য কৰা হৈছে।

Advertisment

আলী আহমেদ আছলামৰ পিতৃ নুৰ মহম্মদে ১৯৫৯ চনত গ্লাছগোৰ প্ৰথম ভাৰতীয় ৰেষ্টুৰেণ্ট ‘গ্ৰীণ গেটছ’ খুলিছিল। ইয়াতেই ব্ৰিটিছসকলে ভাৰতীয় খাদ্যৰ সোৱাদ লৈছিল। নুৰ মহম্মদে ভাৰতীয় ৰন্ধনপ্ৰণালীক স্থানীয়ভাৱে আৰু অধিক জনপ্ৰিয় কৰাৰ বাবে কাম কৰিছিল। নুৰৰ পিছত তেওঁৰ পুত্ৰ আলী আহমেদ আছলামে ১৯৬৪ চনত গিবচন ষ্ট্ৰীটত গ্লাছগোত ‘শিশ মহল’ ৰেষ্টুৰেন্টখন মুকলি কৰে।ইয়াতেই আছলামে ব্ৰিটেইনৰ আটাইতকৈ জনপ্ৰিয় ব্যঞ্জন ‘চিকেন টিক্কা মচলা’ উদ্ভাৱন কৰে।  

‘চিকেন টিক্কা মচলা’ৰ ইতিহাস 

‘চিকেন টিক্কা মচলা’ৰ আৱিষ্কাৰক আলী আহমেদ আছলামে ২০০৯চনত আটাইতকৈ জনপ্ৰিয় স্থানীয় ব্যঞ্জনটোৰ আঁৰৰ কাহিনী ব্যাখ্যা কৰিছিল। তেওঁ কয়, ‘আমি চিকেন টিক্কা তৈয়াৰ কৰিছিলো আৰু এদিন এজন গ্ৰাহকে কৈছিল যে তেওঁ ইয়াৰ সৈতে অলপ চছ ল'ব, এইটো অলপ শুকান। সেয়েহে, আমি দৈ, ক্ৰীম আৰু মচলা থকা চছৰ সৈতে চিকেন টিক্কা ৰান্ধিছিলো। এইটো আমাৰ গ্ৰাহকৰ সোৱাদ অনুসৰি প্ৰস্তুত কৰা এটা ব্যঞ্জন। সাধাৰণতে, তেওঁলোকে গৰম তৰকাৰী গ্ৰহণ নকৰে, সেয়েহে আমি ইয়াক দৈ আৰু ক্ৰীমেৰে ৰান্ধো।’

১৯৬৪ চনত গিবচন ষ্ট্ৰীটত আছলামে প্ৰতিষ্ঠা কৰা ‘শিশ মহল’ ৰেষ্টুৰেণ্টখন ১৯৮০ৰ দশকত বন্ধ হৈ যায়। ইয়াক পুনৰ ওচৰৰ পাৰ্ক ষ্ট্ৰীটত নিৰ্মাণ কৰা হৈছিল, য'ত ই আজিলৈকে গ্ৰাহকসকলক সেৱা আগবঢ়ায়। মৃত্যুৰ সময়ত আছলামে পত্নী, তিনিজন পুত্ৰ আৰু দুগৰাকী কন্যাক এৰি থৈ গৈছে। 

Also Read: Tea Side Effects: চাহ খাই শৰীৰটো ঘূণীয়া নকৰিব