আফগানিস্তানৰ তালিবান চৰকাৰে নিষিদ্ধ কৰিলে দবা খেল...

আফগানিস্তানৰ তালিবান চৰকাৰে দেশখনত সাময়িকভাৱে নিষিদ্ধ কৰি দবা খেল। যোৱা দেওবাৰে তালিবান প্ৰশাসনে ঘোষণা কৰিছে যে, দেশখনত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত দবা খেল নিষিদ্ধ।

author-image
Tushar Pratim
New Update
আফগানিস্তাৰ তালিবান চৰকাৰে নিষিদ্ধ কৰিলে দবা খেল...

ডিজিটেল ডেস্কঃ আফগানিস্তানৰ তালিবান চৰকাৰে দেশখনত সাময়িকভাৱে নিষিদ্ধ কৰি দবা খেল। যোৱা দেওবাৰে তালিবান প্ৰশাসনে ঘোষণা কৰিছে যে, দেশখনত পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত দবা খেল নিষিদ্ধ। চৰকাৰৰ নৈতিকতা আইনৰ অধীনত দবা খেলক নিষিদ্ধ কৰা হৈছে। 

Advertisment

উল্লেখ্য যে, বুদ্ধিমত্তাৰ বিকাশৰ বাবে যদি কোনোবা খেলক সৰ্বোত্তম বুলি গণ্য কৰা হয়, তেন্তে সেয়া হৈছে দবা। তাৰ পিছতো দবাক আফগানিস্তানত নিষিদ্ধ কৰাত আচৰিত হৈছে বিশ্বৰ ক্ৰীড়া অনুৰাগীসকল। অৱশ্যে আফগানিস্তানৰ তালিবানী চৰকাৰে এই খেল নিষিদ্ধ কৰাৰ আঁৰত দিছে তেওঁলোকৰ যুক্তি। 

দেশখনৰ ক্ৰীড়া বিভাগৰ মুখপাত্ৰ অটল মাশ্বৱানীয়ে কয় যে, চৰকাৰৰ নৈতিকতা আইন অনুসৰি দবা খেলক জুৱাৰ উৎস হিচাপে গণ্য কৰা হয় আৰু ইছলামিক শ্বৰীয়া আইন অনুসৰি ইয়াক নিষিদ্ধ কৰা হৈছে। মাশ্বৱানীয়ে এএফপি নামৰ সংবাদ সংস্থাৰ আগত কয় যে শ্বৰীয়তত দবাক এক প্ৰকাৰৰ জুৱা হিচাপে গণ্য কৰা হয়, যাৰ বাবে বিগত বছৰ প্ৰণয়ন কৰা প্ৰপাগেচন অৱ ভিৰ্টু এণ্ড প্ৰিভেনচন অৱ ভাইচ আইন অনুসৰি নিষিদ্ধ কৰা হৈছে। 

তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছে যে দবাৰ সৈতে জড়িত ধৰ্মীয় উদ্বেগ জড়িত হৈ আছে আৰু এই বিষয়ে যেতিয়ালৈকে স্পষ্ট নহয় তেতিয়ালৈকে আফগানিস্তানত এই খেলবিধ স্থগিত থাকিব। তেওঁ লগতে দেশখনৰ ৰাষ্ট্ৰীয় দবা ফেডাৰেচনে বিগত দুবছৰ ধৰি কোনো আনুষ্ঠানিক অনুষ্ঠানৰ আয়োজন কৰা নাই বুলিও জানিবলৈ দিয়ে।
 
২০২১ চনত ক্ষমতা দখল কৰাৰ পিছৰে পৰা তালিবান চৰকাৰে দেশখনৰ আইনত যথেষ্ট পৰিবৰ্তন আনিছে আৰু ধৰ্মক মুখ্য হিচাপে লৈ নতুন নতুন নিয়ম কাৰ্যকৰী কৰিছে। ২০২১ৰ আগলৈকে অনানুষ্ঠানিক দবা প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা কাবুলৰ কেফেৰ মালিক আজিজুল্লা গুলজাদাই জুৱাৰ অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ কয় যে আন আন মুছলমান সংখ্যাগৰিষ্ঠ দেশতো দবা খেলা হয়।

ইফালে তালিবানী চৰকাৰৰ এই নিৰ্দেশৰ পাছতে একাংশই দাবী কৰিছে যে, দবাক তালিবানে ইছলাম বিৰোধী বুলি দাবী কৰিলেও মোগল সম্ৰাটসকলে এই খেল অতি আৱেগেৰে খেলিছিল। স্মৰ্তব্য যে দবা খেলৰ জন্ম ভাৰতত। এই খেল বিধৰ ইতিহাস ১৫০০ বছৰীয়া। ভাৰতৰ পৰাই এই খেল ক্ৰমান্বয়ে সমগ্ৰ বিশ্বলৈ বিয়পি পৰিল। 

আফগানিস্তান তালিবান দবা খেল