/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/CarMirror-720x405.jpg)
ডিজিটেল ডেস্কঃ গাড়ী মটৰৰ পৰা বায়ু প্ৰদুষণ হয়। এই কথা আমি সকলোৱে জানো। কিন্তু শেহতীয়াকৈ এক সমীক্ষাত প্ৰকাশ পাইছে যে গাড়ী-মটৰৰ শব্দৰ পৰা আয়ুস কমে চৰাই-চিৰিকটিৰ।
জাৰ্মানীস্থিত মেক্স প্লেক ইনষ্টিটিউটৰ পক্ষী বিভাগ আৰু উত্তৰ ডকৌতা ষ্টেট ইউনিভাৰচিটিৰ এদল প্ৰতিনিধিয়ে চলোৱা এক সমীক্ষাত পোহৰলৈ আহিছে এই তথ্য। এই দলটোৱে চলোৱা সমীক্ষাত প্ৰকাশ পাইছে যে গাড়ী মটৰৰ শব্দই পক্ষীৰ আয়ুস কমোৱাৰ লগতে অতিপাত গাড়ী মটৰ চলাচল কৰা স্থানত পক্ষীৰ মাতো সলনি হয়।
ইয়াৰ পূৰ্বে ২০১৬ চনৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে গাড়ী মটৰৰ পৰা হোৱা বায়ু প্ৰদুষণৰ ফলত পক্ষীয়ে শত্ৰু অহাৰ সংকেত লাভ কৰাত ব্যৰ্থ হয়।