Advertisment

ট্ৰাম্পৰ ৰঙা চকুলৈ ভয় নকৰে কানাডাইঃ আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো আৰোপ কৰিলে ২৫ শতাংশ শুল্ক

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ ভয় নকৰে কানাডাই। ট্ৰাম্পে ৰঙা চকু দেখুৱালেও কানাডায়ো একেই দৃষ্টিৰে চাব মহা শক্তিশালী ৰাষ্ট্ৰখনৰ মুৰব্বীজনক।

author-image
Tushar Pratim
New Update
ট্ৰাম্পৰ ৰঙা চকুলৈ ভয় নকৰে কানাডাইঃ আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো আৰোপ কৰিলে ২৫ শতাংশ শুল্ক

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ ভয় নকৰে কানাডাই। ট্ৰাম্পে ৰঙা চকু দেখুৱালেও কানাডায়ো একেই দৃষ্টিৰে চাব মহা শক্তিশালী ৰাষ্ট্ৰখনৰ মুৰব্বীজনক। সেই সাহস কানাডাৰ আছে। তাৰেই যেন প্ৰমাণ দিলে জাষ্টিন ট্ৰুডুৱে সংবাদ মেলৰ জৰিয়তে ট্ৰাম্পক সকিয়াই প্ৰদান কৰা ভাষণ আৰু আমেৰিকাৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা ২৫ শতাংশ শুল্কই। 

Advertisment

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰলৈ দায়িত্ব গ্ৰহণৰ পাছৰে পৰা ড’নাল্ড ট্ৰাম্পৰ অদ্ভুত আচৰণে সমগ্ৰ বিশ্বকে আশ্চৰ্য কৰি তুলিছে। কোনো ধৰণৰ আলোচনা নোহোৱাকৈ, দূৰদৰ্শী চিন্তা নকৰাকৈ তেওঁ বিভিন্ন ৰাষ্ট্ৰৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাত নামি পৰিছে।

বদমেজাজি ট্ৰাম্পৰ ৰঙা চকুলৈ ভয় কৰা একাংশ ৰাষ্ট্ৰই এতিয়ালৈকে তাৰ কোনো প্ৰত্যুত্তৰ দিয়া নাই যদিও কানাডাৰ দৰে দেশে কিন্তু মৌন হৈ বহি থকা নাই। ট্ৰাম্পৰ সুৰতেই সুৰ মিলাই আমেৰিকাৰ সামগ্ৰীৰ ওপৰতো ২৫ শতাংশ শুল্ক আৰোপ কৰিছে। 

এই সন্দৰ্ভত এক সংবাদ মেলত জাষ্টিন ট্ৰুডুৱে ট্ৰাম্পক সকীয়াই দি কয়, কানাডাই এই যুদ্ধৰ পৰা পিছুৱাই নাযায়। আমেৰিকাৰ ৩০ বিলিয়ম চি ডলাৰ (২০.৭ বিলিয়ন ডলাৰ) সামগ্ৰীৰ ওপৰত তাৎক্ষণিক ভাৱে কাৰ্যকৰী হোৱাকৈ ২৫ শতাংশ শুল্ক আৰোপ কৰিব। তাৰোপৰি ২১ দিনৰ ভিতৰত অতিৰিক্ত ১২৫ বিলিয়ন চি ডলাৰ (৮৬.২ বিলিয়ন ডলাৰ) সামগ্ৰীৰ ওপৰত শুল্ক আৰোপ কৰিব কানাডাই।    

ট্ৰুডুৱে ট্ৰাম্পে আৰোপ কৰা ২৫ শতাংশ শুল্কক অবৈধ আখ্যা দিছে। ইয়াৰ বিৰুদ্ধে তেওঁ বিশ্ব বাণিজ্য সংস্থা আৰু ইউ এছ এম চি এৰ জৰিয়তে বিবাদ নিষ্পত্তিৰো দাবী দাখিল কৰি এনে অধৈব কাৰ্যক প্ৰত্যাহ্বান জনাব বুলি কয়। তেওঁ কয়, যেতিয়ালৈকে আমেৰিকাই ২৫ শতাংশ শুল্ক প্ৰত্যাহাৰ নকৰে তেতিয়ালৈকে আমাৰে ২৫ শতাংশ শুল্ক  অপৰিবৰ্তিত হৈ থাকিব।

যদিহে আমেৰিকাই শুল্ক প্ৰত্যাহাৰ নকৰে তেন্তে আন বিকল্প ব্যৱস্থাৰো চিন্তা চৰ্চা অব্যাহত ৰাখিছে বুলি তেওঁ কয়। তেওঁ লগতে এই কথাও কয় যে, এই বাণিজ্য যুদ্ধত কোনো বিজয়ী নাই। ইফালে কানাডাৰ সৰ্ববৃহৎ প্ৰদেশ অণ্টাৰিঅ’ৰ প্ৰধানমন্ত্ৰীয়েও ট্ৰাম্পৰ শুল্ক নীতিক সমালোচনা কৰিছে।

তেওঁ কয়, যদি ট্ৰাম্পে অণ্টাৰিঅ’ক ধংবস কৰিব চেষ্টা কৰিব বিচাৰে তেন্তে আমিও তেওঁলোকৰ বিৰুদ্ধে হাঁহি হাঁহি শক্তিৰ যোগান কৰ্তনকে ধৰি সকলো কাম বন্ধ কৰিব। আৰু আন আন প্ৰদেশকো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উৎসাহিত কৰিম। তেওঁ এই কথাও কয় যে, আমেৰিকা আমাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল। সেয়ে তেওঁলোকেও শক্তিৰ যোগান কৰ্তন কৰাৰ সেই বিষ অনুভৱ কৰিব লাগিব।  

ইফালে কানাডা চৰকাৰে চৰকাৰীভাৱেও সমগ্ৰ বিষয়টোৰ ওপৰত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই প্ৰেছ বিজ্ঞপ্তিত কানাডাৰ বিত্ত আৰু আন্তঃচৰকাৰী পৰিক্ৰমা মন্ত্ৰী ডমিনিক লেব্লাংক আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী মেলানি জলীয়ে ঘোষণা কৰে যে অযুক্তিকৰ আমেৰিকান শুল্কৰ প্ৰতি সঁহাৰি জনাই কানাডা চৰকাৰে ১৫৫ বিলিয়ন ডলাৰৰ আমদানিকৃত সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিবলৈ আগবাঢ়িছে।

তাৎক্ষণিকভাৱে ৩০ বিলিয়ন ডলাৰৰ সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে আৰু আমেৰিকাই এই শুল্ক নীতি বজাই ৰাখিলে প্ৰত্যাহ্বানমূলক শুল্কৰ পৰিসৰ ১৫৫ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰা হ’ব। তেওঁলোকে নতুন শুল্ক আৰোপ কৰিলে ইয়াৰো পৰিসৰ বৃদ্ধি পাব পাৰে। কানাডা আমেৰিকাৰ পৰা তেনে নীতি আশা কৰা নাছিল। কিন্তু আমাৰ অৰ্থনীতি আৰু কানাডাৰ চাকৰি সুৰক্ষিত কৰিবলৈ আমি আমেৰিকাৰ নীতিৰ প্ৰতি আমিও এইদৰে সঁহাৰি জনাব লাগিব। 

এই সিদ্ধান্ত অনুসৰি ২০২৫ চনৰ ৪ মাৰ্চৰ পুৱা ১২:০১ বজাৰ পৰা কাৰ্যকৰী হোৱাকৈ আমেৰিকাৰ পৰা আমদানি কৰা সামগ্ৰীৰ ৩০ বিলিয়ন ডলাৰৰ ওপৰত ২৫ শতংশ শুল্ক আৰোপ কৰা  হৈছে। ২১ দিনৰ ভিতৰত আমেৰিকাই এই নীতি পৰিহাৰ নকৰিলে ১২৫ বিলিয়ন ডলাৰৰ সামগ্ৰীলৈ শুল্ক বৃদ্ধি পাব। সামগ্ৰীৰ এই তালিকাত আছে বৈদ্যুতিক বাহন, ফল-মূল, গো-মাংস, গাহৰিৰ মাংস, দুগ্ধজাত সামগ্ৰী, ইলেক্ট্ৰনিকছ, ষ্টীল, এলুমিনিয়াম, ট্ৰাক, বাছ আদি। 

এই বিজ্ঞপ্তিত কানাডা চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে, আমেৰিকা প্ৰশাসনে আৰোপ কৰা শুল্ক অযুক্তিকৰ, আৰু আমেৰিকান আৰু কানাডিয়ান উভয়ৰে বাবে ক্ষতিকাৰক। আমি আমেৰিকা প্ৰশাসনক শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনাইছো যদিও কানাডাই নিজৰ চাকৰি, নিজৰ উদ্যোগ আৰু নিজৰ শ্ৰমিকৰ পক্ষত থিয় দিয়াৰ ক্ষেত্ৰত দৃঢ় হৈ থাকিব।

 

আমেৰিকা ড'নাল্ড ট্ৰাম্প কানাডা