ভংগ হোৱাৰ দিশে ব্ৰিটেইনৰ মন্ত্ৰীসভা, পদত্যাগ গৃহমন্ত্ৰীৰ

ভংগ হোৱাৰ দিশে ব্ৰিটেইনৰ মন্ত্ৰীসভা, পদত্যাগ গৃহমন্ত্ৰীৰ

ডিজিটেল ডেস্ক : বিপদে লগ এৰা নাই লিজ ট্ৰাছক,অৰ্থনৈতিক নীতিৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি আসন ৰক্ষা কৰাৰ পাছত এইবাৰ পদত্যাগ কৰিলে প্ৰধান মন্ত্ৰীৰ সোঁহাত স্বৰূপ গৃহমন্ত্ৰীয়ে । ব্ৰিটেইনৰ চৰম সংকটৰ মাজতেই মন্ত্ৰীত্ব লাভৰ ২ টা মাহো সম্পূৰ্ণ নহওতেই পদত্যাগ কৰে চুৱেল্লা ব্ৰেভাৰমেনে ।

এই সন্দৰ্ভত, মন্ত্ৰী গৰাকীয়ে পদত্যাগৰ সমৰ্থনত দিয়া মন্তব্য অনুসৰি গেছৰ বাবে শ্বেল শিলত কৰা ড্ৰিলিঙৰ বিৰুদ্ধে কৰা ভোটদানৰ বাবে এক প্ৰকাৰ বল প্ৰয়োগ কৰা হৈছিল বহু কেইজন দলীয় কাৰ্যকৰ্তাক । তেনেস্থলত, এই ঘটনাৰ বিৰোধিতাৰ বাবেই পদত্যাগ কৰে গৃহমন্ত্ৰী গৰাকীয়ে ।

ইয়াৰ ওপৰিও, লিজ ট্ৰাছক সমালোচনা কৰি লিখা এক ব্যক্তিগত ই-মেইল ফাদিল হোৱাৰ পাছত দুয়ো গৰাকী নেত্ৰীৰ মাজত বৃদ্ধি পাইছিল ব্যৱধান । চুৱেল্লা ব্ৰেভাৰমেনৰ ই-মেইলটোত ৰাজনীতিবিদ সকলে নিজৰ ভুলৰ দ্বায়িত্ব স্বীকাৰ নকৰি পৰৱৰ্তী সময়ত কেৱল ক্ষমা খুজি দায় সামৰিবলৈ বিচৰাটো ৰাজনীতিৰ নিয়ম নহয় বুলি উল্লেখ কৰিছিল । যদিও এই ই-মেইলটোত লিজ ট্ৰাছৰ নাম উল্লেখ নাছিল যদিও শেহতীয়াকৈ আয়কৰ আৰু ৰাজহুৱা পূঁজিৰ ব্যয়ৰ ক্ষেত্ৰত মূৰ পোলোকা মৰা কাণ্ডৰ প্ৰতি আঙুলিয়াই দিয়া হৈছে বুলি সৰ্বত্ৰ বিদিত ।

আনহাতে, নেত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত দিয়া প্ৰত্যক্ষ ভাষ্য অনুসৰি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে ৰাইজক দিয়া প্ৰতিজ্ঞা সমূহ পালন নকৰাটো জনতাৰ বিশ্বাস ভংগৰ ঘটনা । তেনেস্থলত, চৰকাৰ খনৰ প্ৰতি আস্থা হীনতাৰ কথা প্ৰকাশ কৰি পদত্যাগ কৰে নেত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in