ভাৰতবৰ্ষত বন্ধ হ’ব টিক-টক (Tik Tok) !…

ভাৰতবৰ্ষত বন্ধ হ’ব টিক-টক (Tik Tok) !…

author-image
asomiyapratidin
New Update
ভাৰতবৰ্ষত বন্ধ হ’ব টিক-টক (Tik Tok) !…

ডিজিটেল ডেস্কঃ টিক-টক। অতি কমদিনৰ ভিতৰতে খুবেই জনপ্ৰিয় হৈ পৰা এটা মোবাইল এপ। ৭৫ টা ভাষাৰ উপলদ্ধ এই এপটো ২০১৬ চনৰ চেপ্টেম্বৰ মাহত মুকলি কৰা হৈছিল। চীনে নিৰ্মাণ কৰা এই এপটো সমগ্ৰ বিশ্বত প্ৰায় ৮০০ মিলিয়ন লোকে ব্যৱহাৰ কৰে। বাইট ডান্স নামৰ চীনৰ এটা প্ৰতিষ্ঠানে নিৰ্মাণ কৰা এই এপটো সৰ্বাধিক ব্যৱহাৰকাৰীৰ সংখ্যা আছে চীনত। ভাৰতবৰ্ষতো কোটিৰ ঘৰত আছে টিক-টক ব্যৱহাৰকাৰী। কিন্তু শেহতীয়াকৈ এই টিক-টকক লৈ সৃষ্টি হৈছে এক বিৰ্তকৰ।

Advertisment

দৰাচলতে যোৱা বুধবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা নকৰিলে। ভাৰতে ৰাষ্ট্ৰসংঘৰ মজিয়াত ৰখা এই প্ৰস্তাৱক আমেৰিকা, ব্ৰিটেইন, ফ্ৰান্স, জাৰ্মানী আদি দেশে এই প্ৰস্তাৱক সমৰ্থন কৰিছিল যদিও শেষ পৰ্যায়ত চীনে গ্ৰহণ কৰা স্থিতিৰ বাবেই মাছুদ আজহাৰক আন্তৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা নহ'ল। ইয়াৰ পাছতে ৰঙা চীনক লৈ সৰৱ হৈছে ভাৰতবৰ্ষৰ সচেতন মহল।

২০১৭-২০১৮ বৰ্ষত ভাৰতবৰ্ষত সৰ্বাধিক ডাউনল'ড কৰা এপটোৱে আছিল টিক-টক…
২০১৭-২০১৮ বৰ্ষত ভাৰতবৰ্ষত সৰ্বাধিক ডাউনল'ড কৰা এপটোৱে আছিল টিক-টক…

ইয়াৰ মাজতে ৰঙা চীনৰ বিৰুদ্ধে কিছুসংখ্যক ভাৰতীয়ই ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ কৰা পৰিলক্ষিত হ'ল। ভাৰতবৰ্ষত ব্যৱহাৰ হোৱা চীনত নিৰ্মিত সকলো সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ একাংশ লোকে প্ৰচাৰ কৰিছে ছচিয়েল মিডিয়াত। চীনত নিৰ্মিত সামগ্ৰী বৰ্জনৰ বাবে ছচিয়েল মিডিয়াত খুবেই ভাইৰেল হৈছে #BoycottChineseProducts শীৰ্ষক শ্ল'গানটি।

চীনা সামগ্ৰী ব্যৱহাৰ বিৰোধী এই আন্দোলনৰ চীনা মোবাইল আৰু এই টিকটক এপক বৰ্জন কৰাৰ আহ্বান জনাইছে বহুলোকে। কিছুলোকে আনষ্টল কৰিছে এই জনপ্ৰিয় টিকটক এপটো।

ছচিয়েল মিডিয়াৰ এই আন্দোলনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰো দৃষ্টি আকৰ্ষণ কৰিছে। একাংশ লোকে ভাৰতীয় ক্ৰিকেটাৰে পিন্ধা জাৰ্চীও সলনি কৰিবলৈ দাবী জনাইছে, কিয়নো এই জাৰ্চী যোগান ধৰে চীনা এটা মোবাইল প্ৰতিষ্ঠানে।

উল্লেখ্য যে, ২০১৭-২০১৮ বৰ্ষত ভাৰতবৰ্ষত সৰ্বাধিক ডাউনল'ড কৰা এপটোৱে আছিল টিক-টক।