/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/dangor-khobr-24-1.jpg)
ডিজিটেল ডেস্কঃ আফগানিস্তানৰ বাদাখশান ৰাজ্যৰ ফৈজাবাদ চহৰত বাহনত বোমা বিস্ফোৰণ। মঙলবাৰে সংঘটিত হোৱা এই বিস্ফোৰণৰ ফলত উক্ত বাহনখনত থকা এগৰাকী উপ-ৰাজ্যপালসহ তেওঁৰ চালকগৰাকীৰ মৃত্যু হয়।
জানিব পৰা মতে,উপ-ৰাজ্যপালগৰাকীৰ নাম মোলভি নিছাৰ আহমেদ আহমেদী। বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষীৰ সহযোগত চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়তে উপ-ৰাজ্যপাল আহমেদীসহ চালকগৰাকীৰ মৃত্যু হয়।
আনহাতে, উক্ত বাহনখনত সংঘটিত হোৱা বোমা বিস্ফোৰণৰ ফলত প্ৰায় ১০ গৰাকীলোক গুৰুতৰভাৱে আহত হয়। অৱশ্যে বোমা বিস্ফোৰণ কাণ্ড কোনো সংঘটিত কৰিছিল সেই সন্দৰ্ভত বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, চহৰখনত যোৱা ডিচেম্বৰ মাহতো বাহন বোমা বিস্ফোৰণ কাণ্ড সংঘটিত হৈছিল। উক্ত ঘটনাত বাদাখশানৰ আৰক্ষী প্ৰধান এগৰাকীৰ মৃ্ত্যু হৈছিল। জানিব পৰা মতে, ডিচেম্বৰত সংঘটিত বোমা বিস্ফোৰণ কাণ্ডটোত জড়িত আছিল ইছলামিক ষ্টেট গোটৰ আঞ্চলিক সহযোগী সংগঠন এটা।