Advertisment

ভয়ংকৰ জাহাজ দুৰ্ঘটনা, ৪০ৰো অধিক যাত্ৰী নিহত...

ভয়ংকৰ জাহাজ দুৰ্ঘটনা। ৪০ৰো অধিক যাত্ৰী নিহত হৈছে এই দুৰ্ঘটনাত। প্ৰাপ্ত খবৰ অনুসৰি, স্পেইনলৈ গৈ থকা অৱস্থাত মৰস্কোৰ সমীপতে জাহাজখন দুৰ্ঘটনাতপতিত হয়।

author-image
Asomiya Pratidin
New Update
boat-carrying-80-migrants

boat-carrying-80-migrants Photograph: (boat-carrying-80-migrants)

ডিজিটেল ডেস্কঃ ভয়ংকৰ জাহাজ দুৰ্ঘটনা। ৪০ৰো অধিক যাত্ৰী নিহত হৈছে এই দুৰ্ঘটনাত। প্ৰাপ্ত খবৰ অনুসৰি, স্পেইনলৈ গৈ থকা অৱস্থাত মৰস্কোৰ সমীপতে জাহাজখন দুৰ্ঘটনাতপতিত হয়। জাহাজখনত কমেও ৮০গৰাকী যাত্ৰী আছিল বুলি সদৰি কৰিছে জাহাজ কৰ্তৃপক্ষই।

Advertisment

জাহাজ কৰ্তৃপক্ষই সদৰি কৰা তথ্য অনুসৰি, মৃত্যু হোৱা অধিকাংশ যাত্ৰীয়ে আছিল পাকিস্তানৰ। মুঠ ৮০গৰাকী যাত্ৰীৰ ভিতৰত ৬৬গৰাকী যাত্ৰীয়ে আছিল পাকিস্তানৰ। মৃত্যু হোৱা যাত্ৰীসকলৰ ভিতৰত ৪৪গৰাকী যাত্ৰী পাকিস্তানৰে।

এই ঘটনা সংঘটিত হোৱাৰ পাছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে শোক ব্যক্ত কৰিছে। বিদেশ মন্ত্ৰালয়ক পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোবোৰ দিশ চালি-জাৰি চাই তদন্তৰ নিৰ্দেশো প্ৰদান কৰিছে।  

স্পেইনৰ প্ৰধানমন্ত্ৰী