Advertisment

মমতা বেনাৰ্জীয়ে বাংলাদেশ সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বি এন পিৰ

বাংলাদেশলৈ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনী প্ৰেৰণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বি এন পিয়ে। মমতাৰ এই মন্তব্য দেশখনৰ স্বাধনীতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি হুমকি স্বৰূপ আখ্যা বি এন পিৰ।

author-image
Asomiya Pratidin
New Update
বাংলাদেশ সম্পৰ্কে মমতা বেনাৰ্জীৰ মন্তব্য


মাছুম বিল্লাহ ,ঢাকাঃ বাংলাদেশলৈ ৰাষ্ট্ৰসংঘৰ শান্তি বাহিনী প্ৰেৰণ কৰিবলৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কৰা মন্তব্য দেশখনৰ স্বাধনীতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি হুমকি স্বৰূপ আৰু এই মন্তব্য অনতিপলমে তেওঁ প্ৰত্যাহাৰ কৰিব লাগে বুলি দাবী কৰিছে বি এন পিৰ সাধাৰণ সম্পাদক ফখৰুল ইছলাম আলমগীৰে। সোমবাৰে তেওঁ লণ্ডনৰ পৰাই গণমাধ্যমৰ জৰিয়তে বি এন পি দলৰ হৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

Advertisment

তেওঁ কয়, পুৱা বহু কেইখন কাকতৰ জৰিয়তে এটা বাতৰি দেখিলো, ভাৰতৰ ৰাজ্য পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে বাংলাদেশ সম্পৰ্কে যি বক্তব্য কৰিছে সেই বিষয়ে মই বক্তব্য নৰখাকৈ থাকিব পৰা নাই। তেওঁ (মমতা বেনাৰ্জী) বাংলাদেশলৈ শান্তি বাহিনী প্ৰেৰণৰ যি বক্তব্য কৰিছে, এয়া সম্পূৰ্ণভাৱে বাংলাদেশৰ স্বাধীনতা-সাৰ্বভৌমত্বৰ প্ৰতি এক হুমকি স্বৰূপ আৰু আমি মন কৰিছো এই বক্তব্যৰ জৰিয়তে তেওঁলোকৰ যি দৃষ্টিভংগী সেয়া কিছু হলেও প্ৰকাশিত হৈছে।  

তেওঁ পুনৰ কয়, মই ভাবো যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এই বক্তব্য অনতিপলমে প্ৰত্যাহাৰ কৰিব লাগে। এই ধৰণৰ কোনো চিন্তাও তেওঁলোকৰ মাজলৈ অহা উচিত নহয়। কাৰণ বাংলাংদেশৰ মানুহে মুক্তিযুদ্ধ কৰি স্বাধীন হৈছে। সম্প্ৰতি এটা বিপ্লৱৰ জৰিয়তে তেওঁলোকে গণতন্ত্ৰ পুনৰ ঘূৰাই পাইছে। এই দেশৰ মানুহে যিকোনো মূল্যৰ বিনিময়ত এই ধৰণৰ চক্ৰান্ত উফৰাই দিব।

মমতা বেনাৰ্জীয়ে বাংলাদেশ সম্পৰ্কে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া বি এন পিৰ

সোমবাৰে বিধানসভাৰ শীতকালীন অধিবেশনত যোগদান কৰি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশৰ ধৰ্মীয় সংখ্যালঘুসকলৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হস্তক্ষেপ বিচাৰিছে। তেওঁ বাংলাদেশৰ আন্তৰ্জাতিক কৃষ্ণভাবনামৃত সংঘ-ইছকনৰ তিনিগৰাকী পুৰোহিত গ্ৰেপ্তাৰ হোৱাৰ খবৰৰ মাজতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই দাবী তুলিছে। 

মিৰ্জা ফখৰুলে পুনৰ কয়, বাংলাদেশত সাম্প্ৰদায়িক সম্প্ৰীতি ক্ষুন্ন হোৱা বা বিপন্ন গোৱাৰ যি অলিক কাহিনী ভাৰতীয় সংবাদ মাধ্যম সমূহত প্ৰচাৰিত হৈছে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য নহয়।

আমি বাৰে বাৰে কৈছো ইয়ালৈ ভাৰতীয় সাংবাদিকসকল আহিছিল। তেওঁলোকেও দেখিছিল পশ্চিমবংগ আৰু ভাৰতৰ অনেক নাম থকা সাংবাদিক আহি বাংলাদেশত তেনে কোনো ধৰণৰ পৰিস্থিতি দেখা নাছিল। 

অথচ ভাৰতৰ সংবাদ মাধ্যমে আৰু তেওঁলোকৰ নেতৃত্বই যিদৰে সম্পূৰ্ণ অসত্যক প্ৰচাৰ কৰিছে আৰু বাংলাদেশৰ স্বাধীনতা-সাৰ্বভৌমত্বৰ প্ৰতি হুমকি দিছে সেয়া কোনো কাৰণতে বাংলাদেশৰ মানুহে গ্ৰহণ নকৰে।

বি এন পিৰ নেতাগৰাকীয়ে লগতে কয়, বাংলাদেশৰ সম্পৰ্কে অত্যন্ত দুৰ্ভাগ্যজনক যি কথাবোৰ কোৱা হৈছে, শেহতীয়াকৈ ইছকনক লৈ ইয়াত (বাংলাদেশত) নতুনকৈ চক্ৰান্ত আৰম্ভ কৰা হৈছে সেয়া বাংলাদেশৰ মানুহে কেতিয়াও গ্ৰহণ নকৰে।

এয়া অতি পৰিস্কাৰ যে, ইছকনৰ সাম্প্ৰতিক ভূমিকা অত্যন্ত সন্দেহজনক, ৰহস্যজনক আৰু বাংলাদেশৰ স্বাধীনতা, সাৰ্বভৌমত্বৰ প্ৰতি, বাংলাদেশৰ স্থিতিশীলতাৰ প্ৰতি হুমকি স্বৰূপ। 

 

মমতা বেনাৰ্জী পশ্চিম বংগ বাংলাদেশ