/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/d0f796a6-539b-4a31-a3ac-c698c42af4da/oioi.jpg)
ডিজিটেল সংবাদ, ঢাকাঃ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত এতিয়াও দেশ খনত উত্তপ্ত পৰিস্থিতিয়েই বিৰাজ কৰি আছে। ইতিমধ্য়ে দেশখনৰ বহু ঠাইত হিংসাত্মক কাৰ্য হোৱাও পৰিলক্ষিত হয়।
বি এন পিৰ জ্যেষ্ঠ যুটীয়া সম্পাদক জেনেৰেল ৰুহুল কবিৰ ৰিজৱীয়ে শনিবাৰে অভিযোগ কৰে যে মুখ্য বিৰোধী দলকে ধৰি ১২ টা দলৰ দ্বিতীয় পৰ্যায়ৰ বন্ধ আৰম্ভ হোৱাৰ পূৰ্বে শনিবাৰে বি এন পিৰ উপাধ্যক্ষ তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী আলতাফ হুছেইন চৌধুৰী আৰু সাংগঠনিক সম্পাদক চৈয়দ ইমৰান চালেহ প্ৰিন্সক গ্ৰেপ্তাৰ কৰে। এয়া ফেচিষ্ট চৰকাৰে গ্ৰেপ্তাৰ কৰি আছে বুলি তেওঁ কয়।
দেওবাৰে এক বিবৃতিত ৰিজৱীয়ে কয় যে শ্বেখ হাছিনাই এতিয়া সমগ্ৰ দেশক এখন কাৰাগাৰ কৰি তুলিছে। এফালে চৰকাৰৰ আজ্ঞাকাৰী নিৰ্বাচন আয়োগে পৰৱৰ্তী নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ বি এন পিক আহ্বান জনাইছে, আনহাতে জ্যেষ্ঠ নেতাকে ধৰি সকলো স্তৰৰ নেতা আৰু কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ অভিযান আৰম্ভ কৰিছে।
লগতে কয় যে, জনতা ক্ষোভিত হৈ পৰিছে। সকলোৱে অসুৰক্ষিত অনুভৱ কৰিছে। বৰ্তমান চৰকাৰৰ পদত্যাগকে ধৰি আন দাবী সমূহ মানি নলোৱা পৰ্যন্ত মানুহে ৰাজপথ এৰি ঘৰলৈ নাযায়।
ইয়াৰ লগতে তেওঁ শ্বাহজাহান ওমৰ, আলতাফ হুছেইন চৌধুৰী আৰু চৈয়দ ইমৰান চালেহ প্ৰিন্সক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ দাবী জনায়। লগতে তেওঁ কয় যে, নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বি এন পিকে ধৰি বিৰোধী দলৰ নেতা আৰু কৰ্মীসকলক যি ধৰণে গ্ৰেপ্তাৰ কৰা হৈছে সেয়া স্পষ্ট যে অবৈধ শাসনে যিকোনো প্ৰকাৰে পৰৱৰ্তী নিৰ্বাচন অনুষ্ঠিত কৰি পুনৰ ক্ষমতা দখল কৰিবলৈ সংকল্পবদ্ধ।
Also Read: পুনৰ আত্মসমৰ্পন আলফা(স্বা) সদস্যৰ