পুনৰ আত্মসমৰ্পন আলফা(স্বা) সদস্যৰ

পুনৰ আত্মসমৰ্পণ আন এক আলফা (স্বাধীন) সদস্যৰ।নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ সদস্যজনৰ।

author-image
Asomiya Pratidin
New Update
পুনৰ আত্মসমৰ্পন আলফা(স্বা) সদস্যৰ

ডিজিটেল ডেস্কঃ পুনৰ আত্মসমৰ্পণ আন এক আলফা (স্বাধীন) সদস্যৰ।নাহৰকটীয়াৰ জয়পুৰ সেনা ছাউনীত আত্মসমৰ্পণ সদস্যজনৰ।

Advertisment

আত্মসমৰ্পণকাৰী সদস্যজনৰ নাম মাধৱ চেতিয়া ওৰফে সূৰজ অসম বুলি জানিব পৰা গৈছে। মাধৱ চেতিয়া ওৰফে সূৰজ অসমৰ ঘৰ শিৱসাগৰৰ দিচাংমুখত।

২০২১ চনত আলফা স্বাধীনত যোগদান কৰিছিল মাধৱ চেতিয়াই। মাধৱ চেতিয়াৰ পৰা এটা হেণ্ড গ্রেনেড উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে, বিগত সময়চোৱাত কেইবাগৰাকী আলফা(স্বা) কেডাৰে আত্মসমৰ্পন কৰি আহিছে। কেইদিনমান পূৰ্বে পোহৰলৈ অহা এক ঘটনা অনুসৰি দুই সদস্য শিবিৰৰ পৰা পলায়ন কৰাৰ সময়ত মৃত্যুদণ্ড দিছিল সংগঠনটোৱে। মৃত্যুদণ্ডৰ বলি হোৱা এজন সদস্যৰ পৰিয়ালৰ ভাষ্য অনুসৰি খাদ্য সংকটকে ধৰি বিভিন্ন সমস্যাৰ বাবে কেডাৰ সমূহে শিবিৰৰ পৰা পলায়ন কৰে।

Also Read: জালুকবাৰীত বুজন পৰিমাণৰ গাঞ্জাসহ গ্রেপ্তাৰ এজন