মাছুম বিল্লাহ, ঢাকাঃ বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বৃদ্ধি পোৱা বুলি অভিযোগ উঠাৰ সময়তে বাংলাদেশ নেচনেলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিৰ্জা ফখৰুলে সংখ্যালঘু হিন্দু লোকসকলক বাংলাদেশৰ সম্পত্তি বুলি উল্লেখ কৰি তেওঁলোকক সুৰক্ষা দিয়াটো সকলোৰে দায়িত্ব বুলি মন্তব্য কৰিছে।
পবিত্ৰ কোৰাণৰ কথা উল্লেখ কৰি তেওঁ কয়,"আল্লাই কৈছে যিয়ে বিশ্বাসক অৱহেলা কৰে, তেওঁ বিশ্বাসী নহয়। আমি এই সম্পদকৰ সুৰক্ষিত কৰিব লাগিব। পূজাৰ দিন পাইছেহি। সকলোৱে সতৰ্ক হ'ব লাগিব যাতে পূজাক কেন্দ্ৰ কৰি কোনো ঘটনা সংঘটিত নহয়।
বুধবাৰে বাংলাদেশৰ ঠাকুৰগাঁৱত এক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজহুৱা ভাষণত তেওঁ এইদৰে কয়। তেওঁ পুনৰ কয়, ভয়াৱহ দানৱ স্বৰূপ হাছিনাৰ ফেচিষ্ট চৰকাৰ ছাত্ৰ বিদ্ৰোহত পতন হৈছে।তেওঁলোকৰ পতনৰ পূৰ্বে হাছিনা চৰকাৰে ছাত্ৰ-ছাত্ৰী আৰু জনতাৰ আন্দোলনত প্ৰায় দুই হাজাৰ লোকক হত্যা কৰিলে। তাৰোপৰি কাৰোবাৰ যদি হাত নাইকিয়া কৰিলে, কাৰোবাৰ ভৰি নাইকিয়া কৰিলে।
মিৰ্জা ফখৰুলে পুনৰ কয়, আজি আমি মুক্ত বাংলাদেশত বাস কৰি আছো। কিন্তু মনত ৰাখিব যে আমি যেতিয়ালৈকে এই দেশক এইদৰে মুক্ত কৰি ৰাখিব পাৰিম তেতিয়ালৈকে স্বাধীন কৰি ৰাখিব পাৰিম। যদি আমি পুনৰ আৱামী লীগৰ দৰে কাম-কাজ আৰম্ভ কৰোঁ তেন্তে আমি জীয়াই থাকিব পাৰিম জানো? সেয়েহে মই আমাৰ মাজৰ যিসকলে যুঁজ দিছে, সংগ্ৰাম কৰিছে, তেওঁলোকক প্ৰেমৰ জৰিয়তে নিজকে মানুহৰ প্ৰিয় কৰি তুলিবলৈ অনুৰোধ জনাইছো। কাকো অত্যাচাৰ নকৰিব।
বি এন পিৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয়, "যোৱা ১৫-১৬ বছৰত আমি যথেষ্ট কষ্ট পাইছো। আৱামী লীগ চৰকাৰ আৰু শ্বেইখ হাছিনাই আমাক বহু অত্যাচাৰ কৰিলে আৰু কাৰাগাৰলৈ প্ৰেৰণ কৰিলে। আপোনালোকৰ বিৰুদ্ধে ইয়াত গোচৰ ৰুজু হৈছিল কেৱল বি এন পি আৰু জামাত কৰাৰ অপৰাধৰ বাবে। সেই পৰিস্থিতিৰ এতিয়া সমাপ্তি ঘটিছে। আটাইতকৈ প্ৰভাৱশালী নেত্ৰী হোৱাৰ পাছতো শ্বেইখ হাছিনা তেনেদৰে পলাই যাব লগীয়া হ'ল।
তেওঁ কয় যিসকলে আমাক ইয়াত শাসন কৰিছিল, আমাক কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল, আমাক অত্যাচাৰ কৰিছিল, আমাৰ ভূমি দখল কৰিছিল, বাণিজ্যত বাধা দিছিল, ৰাজনীতি কৰিবলৈ অনুমতি দিয়া নাছিল, আজি তেওঁলোকেই কাৰাগাৰত আছে। সেয়েহে আল্লা তালাই কয়, "সীমা অতিক্ৰম নকৰিব, আল্লাই সীমা অতিক্ৰম কৰাসকলক আল্লাই ক্ষমা নকৰে।"
তেওঁ পুনৰ কয়,"মই ১১ বাৰ কাৰাগাৰলৈ গৈছিলো। আমি আমাৰ নেতা বেগম খালেদা জিয়া আৰু তাৰিক ৰহমানৰ নিৰ্দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিবলৈ বহু বছৰ ধৰি যুঁজ দিছিলো। ঠাকুৰগাঁৱত আমাৰ বহুতো ল'ৰাক গুলীয়াই হত্যা কৰা হৈছে, বহুতো গোচৰ ৰুজু কৰা হৈছে। আমাৰ ল'ৰাক বাৰে বাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু তেওঁলোকে কেতিয়াও সত্যৰ পথৰ পৰা আঁতৰি নগ'ল।