![বাংলাদেশত ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান](https://img-cdn.thepublive.com/fit-in/1280x960/filters:format(webp)/asomiyapratidin/media/media_files/2024/12/05/pbNhr9tnf5mgmcQFLNry.jpg)
মাছুম বিল্লাহ, ঢাকাঃ আগৰতলাত সহকাৰী উচ্চায়ুক্তৰ ওপৰত হোৱা আক্ৰমণ আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় পতাকাক কৰা অপমানৰ প্ৰতিবাদত বি এন পিৰ জ্যেষ্ঠ যুটীয়া সচিব প্ৰধান ৰুহুল কবিৰ ৰিজৱীয়ে ভাৰতীয় সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে।
বৃহস্পতিবাৰে ঢাকাৰ নেচনেল প্ৰেছ ক্লাবৰ সন্মুখত এক অনুষ্ঠানত ভাষণ দি তেওঁ কয়, "যিসকলে আমাৰ দেশৰ পতাকা ফালিছে আমি তেওঁলোকৰ (ভাৰতীয়) সামগ্ৰী বৰ্জন কৰিম।'’
ভাৰতীয় সামগ্ৰী বৰ্জন আৰু বাংলাদেশী সামগ্ৰী ব্যৱহাৰত উদগনি দিবলৈ 'স্থানীয় সামগ্ৰী ক্ৰয় কৰক, ধন্য হওক' শীৰ্ষক নামেৰে অনুষ্ঠিত এক অনুষ্ঠানত এই মন্তব্য কৰিছে।
ৰিজৱীয়ে কয়, বাংলাদেশী মাতৃ আৰু ভগ্নীসকলে ভাৰতৰ পৰা শাৰী, চাবোন, টুথপেষ্ট বা আন সামগ্ৰী কিনিব নালাগে। পিয়াজ উৎপাদনৰ ক্ষেত্ৰতো বাংলাদেশ স্বাৱলম্বী বুলি উল্লেখ কৰি তেওঁ কয়, " আমি তেওঁলোকৰ (ভাৰতৰ) ওপৰত নিৰ্ভৰশীল নহ'ম। আমি ভাৰতীয় সামগ্ৰী বৰ্জন কৰিম।
ৰিজৱীয়ে তেওঁৰ পত্নীৰ এখন ভাৰতীয় শাৰীও ভাৰত বিৰোধী শ্লোগানেৰে এই অনুষ্ঠানতে জ্বলাই দিয়ে।
তেওঁ কয়, " আমি মহিলাই টাঙ্গালৰ শাৰী, ৰাজশাহীৰ ৰেচম শাৰী বা কুমিল্লাৰ খাদ্দাৰ পিন্ধিম। অৱশ্যে বি এন পি নেতাজনে বাংলাদেশৰ পতাকাত জুই লগাই বাংলাদেশক বদনাম কৰিবলৈ চেষ্টা কৰিলেও ভাৰতীয় পতাকাৰ মৰ্যাদাক অপমান আৰু কলংকিত নকৰিবলৈ আহ্বান জনায়।
"আমি ভাৰতীয় পতাকাক অপমান নকৰো। আমি আন এখন স্বাধীন দেশৰ মৰ্যাদা হ্ৰাস নকৰোঁ। আমি কোনো ৰাষ্ট্ৰৰ স্বাধীনতা আৰু সাৰ্বভৌমত্বক অসন্মান নকৰো।‘'
ভাৰতীয়সকলে বাংলাদেশৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে বুলি উল্লেখ কৰি ৰিজৱীয়ে কয় যে, বাংলাদেশৰ জনসাধাৰণে মূৰ তল কৰিব নোৱাৰে। "যদি প্ৰয়োজন হয় আমি দিনে এবাৰ কৈহে খাম, তথাপিও, আমি মূৰ তল নকৰো।
শেহতীয়াকৈ মেডিকেল ভিছাত ভাৰতলৈ যোৱা বাংলাদেশী ৰোগীসকলৰ সন্দৰ্ভত ভাৰতীয় সাংবাদিক আৰু চিকিৎসকসকলে কৰা মন্তব্যৰ সন্দৰ্ভত বি এন পিৰ জ্যেষ্ঠ যুটীয়া সচিব প্ৰধানগৰাকীয়ে কয় যে বাংলাদেশৰ জনসাধাৰণ বিনামূলীয়া চিকিৎসাৰ বাবে ভাৰতলৈ নাযায়।
তেওঁ কয়, "বাংলাদেশৰ মানুহে ভাৰতত ডলাৰ খৰচ কৰে। এতিয়া কলকাতাৰ নতুন বজাৰ বন্ধ আছে, দোকান বন্ধ আছে, গ্ৰাহক নাই। বাংলাদেশীসকলে সদায় ডলাৰৰ সৈতে সামগ্ৰী আৰু সেৱা ক্ৰয় কৰিবলৈ তালৈ যায়।
তেওঁ পুনৰ কয়, "তেওঁলোকে (ভাৰতে) নিষ্ঠুৰ হাছিনাক ভাল পায়, বাংলাদেশৰ লোকসকলক নহয়। তেওঁলোকে বাংলাদেশ জীয়াই থকাটো নিবিচাৰে। ভাৰতে এতিয়া বাংলাদেশৰ জনসাধাৰণৰ মাজত আৰু বাংলাদেশৰ ভিতৰত বিভিন্ন ধৰণৰ উচটনি প্ৰদান কৰিছে। কিন্তু বাংলাদেশৰ মানুহে কোনো প্ৰৰোচনাত ভৰি নিদিয়ে।
তেওঁ লগতে কয় যে, বাংলাদেশত ৰাজনৈতিক দলসমূহৰ ঐক্য ইমানেই শক্তিশালী যে কোনেও ইয়াক ভাঙিব নোৱাৰে। বি এন পিৰ যুটীয়া সচিব প্ৰধান আব্দুছ ছালাম আজাদ, স্বেচ্ছাসেৱক পৰিক্ৰমা সচিব মীৰ শৰাফত আলী চাপু আৰু স্বাস্থ্য পৰিক্ৰমা সচিব ৰফিকুল ইছলামেও অনুষ্ঠানটোত ভাষণ দিয়ে।