কোম্পেনী বিক্ৰী কৰি পৰিৱেশ ৰক্ষাৰ যুজত কোটিপতি...

কোম্পেনী বিক্ৰী কৰি পৰিৱেশ ৰক্ষাৰ যুজত কোটিপতি...

ডিজিটেল ডেস্ক :  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত ব্যৱসায় গোষ্ঠী পেন্টাগনিয়ানৰ প্ৰতিষ্ঠাপক ভন শ্বৌইনাৰ্ডৰ এখন চিঠিয়ে তোলপাৰ লগাইছে সমগ্ৰ বিশ্বত । প্ৰতিষ্ঠাপক গৰাকীয়ে বুধবাৰে ইন্টাৰনেটত প্ৰকাশ কৰা চিঠিখনত উল্লেখ কৰা অনুসৰি তেখেতে  পেন্টাগনিয়ানৰ নিজৰ অংশ সমূহ এটি বেচৰকাৰী সংস্থাক প্ৰদান কৰে পৰিৱেশ সুৰক্ষাৰ যুজঁৰ বাবে । আনহাতে, প্ৰতিষ্ঠানটোৰ বাকী থকা শ্বেয়াৰ অথবা অংশ সমূহ প্ৰদান কৰে প্ৰতিষ্ঠানটোৰে পৰিৱেশ সম্পৰ্কীয় এটি ট্ৰাষ্টক । 

উল্লেখ্য যে, বৰ্তমান প্ৰতিষ্ঠানটোৰ বজাৰ মূল্য প্ৰায় ৩ বিলিয়ন আমেৰিকান ডলাৰ । এই বৃহৎ পৰিমাণৰ সম্পত্তি পৰিৱেশ সুৰক্ষাৰ বাবে দান কৰি এতিয়া চৰ্চালৈ আহিছে ভন শ্বৌইনাৰ্ড ।

তেখেতে লিখা চিঠিখনত উল্লেখ কৰা অনুসৰি, পৃথিৱীখন বৰ্তমান একমাত্ৰ অংশীদাৰ আমাৰ সকলো সম্পত্তিৰ । সেয়েহে, তেখেতে এই সিদ্ধান্ত লয় । 

এই বৃহৎ প্ৰতিষ্ঠানটিৰ ভৱিষ্যতৰ বাবে মাত্ৰ দুটাই পথ মুকলি আছিল । প্ৰথমটো আছিল প্ৰতিষ্ঠানটি আন কোনো উদ্যোগপতিক বিক্ৰী কৰা আৰু আনটো আছিল প্ৰতিষ্ঠানটিৰ অংশীদাৰীত্ৱ ৰাইজৰ হাতলৈ আগবঢ়াই দিয়া ।  এই দুয়োটা সিদ্ধান্তই পৰৱৰ্তী কালত প্ৰতিষ্ঠানটোৰ বাবে বিপদজনক বুলি গণ্য কৰি প্ৰতিষ্ঠানটিৰ মূল উদ্দেশ্যই সলনি কৰিলে ভন শ্বৌইনাৰ্ডে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in