ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেলৰ শিক্ষাৰ্থীয়ে ভাৰতত পাব ইণ্টাৰ্ণশ্বিপৰ সুবিধা…

ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেলৰ শিক্ষাৰ্থীয়ে ভাৰতত পাব ইণ্টাৰ্ণশ্বিপৰ সুবিধা…

author-image
asomiyapratidin
New Update
ইউক্ৰেইনৰ পৰা উভতি অহা মেডিকেলৰ শিক্ষাৰ্থীয়ে  ভাৰতত পাব ইণ্টাৰ্ণশ্বিপৰ সুবিধা…

ডিজিটেল ডেস্কঃ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ পৰা স্বদেশলৈ ঘূৰি অহা ভাৰতীয় শিক্ষাৰ্থীসকলে এটা বিপদৰ পৰা ৰক্ষা পৰিলেও তেওঁলোকৰ সন্মুখত আন এক বিপদে দেখা দিছে। এই মেডিকেল শিক্ষাৰ্থীসকলক শিক্ষাবৰ্ষ নষ্ট হোৱাটো প্ৰায় নিশ্চিত হৈছে। এনে সময়ত এই শিক্ষাৰ্থীসকলৰ কাষত থিয় দিছে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগ।

Advertisment

ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে ইউক্ৰেইনত চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি ভাৰতলৈ ঘূৰি আহিবলগীয়া হোৱা শিক্ষাৰ্থীসকলক ইণ্টাৰ্ণশ্বিপৰ সুবিধা প্ৰদান কৰিছে। আয়োগে যিসকলক শিক্ষাৰ্থীৰ শিক্ষা সমাপ্ত হৈছে তেওঁলোকক ভাৰতত ইণ্টাৰ্ণশ্বিপৰ সুযোগ প্ৰদান কৰিছে। ইয়াৰ বাবে আয়োগে বিদেশৰ পৰা অহা শিক্ষাৰ্থী শিক্ষাৰ্থীসকলৰবাবে ৭.৫ শতাংশ আসন সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিছে।