/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/ada714d8-5d14-406f-aa7d-bb16733d8f37/benzema.jpg)
ডিজিটেল ডেস্ক : ঘোষণা কৰা হ'ল ২০২২ বৰ্ষৰ বেলন ডি অ'ৰ । ফুটবল জগতৰ আটাইতকৈ চৰ্চিত ব্যক্তিগত সন্মান হ'ল বেলন ডি অ'ৰ । বৰ্ষশ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে ১৯৫৬ চনৰ পৰাই প্ৰত্যেক বছৰেই খেলুৱৈ এগৰাকীলৈ আগবঢ়োৱা হৈ আহিছে বেলন ডি অ'ৰ । এইবাৰ ৩৪ বৰ্ষীয় ফৰাছী ফুটবলাৰ বেঞ্জেমাই লাভ কৰে এই সন্মান ।
তাৰ সৈতেই বেলন ডি অ'ৰ বটা লাভ কৰা আটাইতকৈ বৰ্ষীয়ান খেলুৱৈ ৰূপে স্বীকৃতি লাভ কৰে ফুটবলাৰজনে । ফৰাছী দলৰ হৈ খেলাৰ ওপৰিও বিশ্ব বিখ্যাত ফুটবল ক্লাব ৰিয়েল মাদ্ৰিদৰো কেপ্টেইন হৈছে খেলুৱৈ গৰাকী ।
এইবাৰৰ বেলন ডি অ'ৰৰ খিতাপৰ দৌৰত সকলোৰে দৃষ্টি আছিল পোলেণ্ডৰ জ্যেষ্ঠ খেলুৱৈ লিৱান'ডস্কি আৰু নৰৱে'ৰ ২২ বছৰীয়া হালাণ্ডৰ ওপৰত । কিন্তু অৱশেষত শেষ হাঁহি মাৰিবলৈ সক্ষম হ'ল বেঞ্জেমা ।
উল্লেখ্য যে, বিগত ১৩ বছৰৰ ১২ টা বেলন ডি অ'ৰ লাভ কৰিবলৈ সক্ষম হৈছিল ফুটবল জগতৰ বিখ্যাত প্ৰতিদ্বন্দীদ্বয় লিঅ'নেল মেছি আৰু খ্ৰিষ্টিয়ানো ৰোনাল্ডোই । ২০১৮ বৰ্ষত হে ৰিয়েল মাদ্ৰিদৰ লুকা মদ্ৰিছে লাভ কৰিছিল এই সন্মান ।
আনহাতে, এইটো বৰ্ষত পুৰস্কাৰৰ বাবে মনোনয়নে নহ'ল মেছি আৰু ৰোনাল্ডো বটাৰ দৌৰত থাকিল বিংশতম স্থানত ।