আকৌ ভাৰত বিভক্ত হোৱাৰ আশংকা ওবামাৰঃ ধৰ্মীয় অসহিষ্ণুতাক লৈ প্ৰশ্ন...

আকৌ ভাৰত বিভক্ত হোৱাৰ আশংকা ওবামাৰঃ ধৰ্মীয় অসহিষ্ণুতাক লৈও প্ৰশ্ন...
আকৌ ভাৰত বিভক্ত হোৱাৰ আশংকা ওবামাৰঃ ধৰ্মীয় অসহিষ্ণুতাক লৈও প্ৰশ্ন...

ডিজিটেল ডেস্কঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দেশখনৰ অতি উষ্ম আদৰণি জনোৱা হৈছে। হোৱাইট হাইচত তেওঁৰ সন্মানৰ বাবে আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠান।

মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে মোডীৰ সন্মানৰ বাবে হোৱাইট হাউচত আয়োজন কৰিছে প্ৰাইভেট ডিনাৰ পাৰ্টী। তাৰ মাজতে পূৰ্বৰ আমেৰিকাৰ দুবাৰৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰত সম্পৰ্কে বিস্ফোৰক মন্তব্য কৰিছে।

উল্লেখ্য যে, বাৰাক ওবামাৰ কাৰ্যকালৰ সময়তে আমেৰিকাৰ সৈতে অধিক ঘনিষ্ঠ হৈছিল ভাৰত। সেই সেময়ত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি আছিল জ’ বাইডেন। আৰু আজি সেই জ’ বাইডেনেই আমেৰিকাৰ ৰাষ্ট্ৰপতি।

তেওঁৰ আমন্ত্ৰণ মৰ্মে আমেৰিকা ভ্ৰমণলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। কিন্তু তাৰ মাজতে পূৰ্বৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতৰ ধৰ্মীয় অসহিষ্ণুতাক লৈ সৰৱ হৈ পৰিছে।

এই সন্দৰ্ভত তেওঁ কয়, যদি ধৰ্মীয় সংখ্যালঘু আৰু অন্যান্য জাতিৰ মানৱ অধিকাৰ ৰক্ষা কৰা নহয় তেনেহলে ভৱিষ্যতে ভাৰত ভাগ হৈ যাব পাৰে। ইয়াৰোপৰি ওবামাৰ মতে বাইডেন প্ৰশাসনেও ভাৰত চৰকাৰৰ সৈতে সংখ্যালঘুৰ অধিকাৰৰ ইছ্যু সন্দৰ্ভত আলোচনা কৰা উচিত।

ওবামাই বাইডেনক প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ভাৰতৰ মুছলিম সংখ্যালঘুৰ অৱস্থাৰ বিষয়টোৰ ওপৰতো আলোচনাৰ পোষকতা কৰিছে। লগতে ওবামাই কয়, তেওঁ যদি মোডীৰ সৈতে আলোচনাৰ সুযোগ লাভ কৰিলে হেয় তেন্তে তেওঁক সংখ্যালঘুৰ অধিকাৰ ৰক্ষা নকৰিলে ভাৰত টুকুৰা টুকুৰ হৈ পৰাৰ সম্ভাৱনা প্ৰৱল বুলি জনালে হয়।

উল্লেখ্য যে, ডেমক্ৰেটিক দলৰ ভিতৰত জ’ বাইডেনৰ অন্যতম সমৰ্থক বাৰাক ওবামা। ওবামাৰ পূৰ্বে ভাৰতৰ সংখ্যালঘু ইছ্যু মোডীৰ সৈতে আলোচনা কৰিবলৈ ৭৫ গৰাকী ডেমক্ৰেটি আইন প্ৰণেতাই বাইডেনলৈ পত্ৰ লিখিছিল।

অৱশ্যে এই সন্দৰ্ভত হোৱাইট হাউচে সেই আইন প্ৰণেতাসকলক চিঠিৰ উত্তৰত কয়, ভাৰতৰ গণতন্ত্ৰ সন্দৰ্ভত ভাৰতক জ্ঞান দিয়াৰ প্ৰয়োজন নাই। ইফালে আমেৰিকা ভ্ৰমণৰ অন্তত জ’ বাইডেনৰ সৈতে যৌথ বিবৃতিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয়, গণতন্ত্ৰ আমাৰ চেতনাত আৰু শিৰাত আছে। আমি গণতন্ত্ৰত বাস কৰো। আমাৰ চৰকাৰ সংবিধান মানি কাম কৰে। বৰ্ণ, ধৰ্ম, লিংগ, বয়সৰ ভিত্তিত কোনো বৈষম্য নাই ভাৰতত।

আকৌ ভাৰত বিভক্ত হোৱাৰ আশংকা ওবামাৰঃ ধৰ্মীয় অসহিষ্ণুতাক লৈও প্ৰশ্ন...
শীৰ্ষ পদাধিকাৰীৰ দুই লগুৱা ভাতৃক নিযুক্তিৰে স্বাৰ্থ পূৰণত ব্যস্ত আৰক্ষী নিযুক্তি ব'ৰ্ডৰ সচিবৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in