মাছুম বিল্লাহ ,ঢাকাঃ ত্ৰিপুৰাৰ আগৰতলাস্থিত বাংলাদেশৰ সহকাৰী হাইককমিছনৰ কনছুলাৰ ছাৰ্ভিছ বন্ধ ঘোষণা কৰা হৈছে। সোমবাৰে হিন্দু সংঘৰ্ষ সমিতিৰ বিক্ষোভৰ সময়ত বাংলাদেশৰ সহকাৰী হাইকমিছনৰ কাৰ্যালয়ত আক্ৰমণ আৰু পতাকাত অগ্নিসংযোগৰ ঘটনাৰ পাছতেই বাংলাদেশ চৰকাৰে মঙ্গলবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
ঢাকাৰ বিদেশ মন্ত্ৰণালয়ৰ এক সূত্ৰই জনোৱা অনুসৰি মঙ্গলবাৰে বিয়লি ঢাকাস্থিত ভাৰতৰ হাইকমিছাৰ প্ৰণয় বাৰ্মাক তলব কৰে বিদেশ মন্ত্ৰণালয়ে। ইয়াৰ পাছতেই আগৰতলাৰ বাংলাদেশৰ সহকাৰী হাইকমিছনৰ কনছুলাৰ সেৱা বন্ধ কৰাৰ কথা ঘোষণা কৰা হৈছে।
সোমবাৰে সহকাৰী হাইকমিছনত হিন্দুত্বদাবী সংগঠনে প্ৰতিবাদৰ মাজতে আক্ৰমণ চলাইছিল। প্ৰতিবাদকাৰীয়ে বাংলাদেশৰ পতাকা নমাই তাত অগ্নি সংযোগ কৰে। এই ঘটনাৰ প্ৰতিবাদ জনাইছে বাংলাদেশে। তাৰোপৰি ভাৰতৰ বিদেশ মন্ত্ৰণালয়লৈ এই ঘটনাৰ দুখ প্ৰকাশ কৰি বিবৃতিও প্ৰেৰণ কৰিছে।
এই আক্ৰমণৰ ঘটনাৰ পাছতে বাংলাদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ দেখা গৈছে। সোমবাৰে নিশা ইয়াৰ বিৰুদ্ধে বাংলাদেশত প্ৰতিবাদ সাব্যস্ত কৰিছে বিভিন্ন দল, সংগঠনে। তাৰোপৰি ৰাজনৈতিক দলসমূহেও তীব্ৰ প্ৰতিবাদ জনাইছে।