ARSA ৰ মুৰব্বীক গ্ৰেপ্তাৰঃ ২০১৭ ত ৭ লাখ ৰোহিংগীয়া পলায়নৰ আঁৰত আছিল এই নেতা...

ম্যানমাৰৰ গৃহ যুদ্ধ আৰু বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মঙলবাৰে বাংলাদেশ আৰক্ষীয়ে ৰোহিংগীয়া বিদ্ৰোহীৰ গোটৰ শীৰ্ষ নেতা আটাউল্লাহ আবু আমমাৰ জুনুনীক গ্ৰেপ্তাৰ কৰিছে। 

author-image
Asomiya Pratidin
New Update
ARSA ৰ মুৰব্বীক গ্ৰেপ্তাৰঃ ২০১৭ ত ৭ লাখ ৰোহিংগীয়া পলায়নৰ আঁৰত আছিল এই নেতা...

ডিজিটেল ডেস্কঃ ম্যানমাৰৰ গৃহ যুদ্ধ আৰু বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে মঙলবাৰে বাংলাদেশ আৰক্ষীয়ে ৰোহিংগীয়া বিদ্ৰোহী গোটৰ শীৰ্ষ নেতাক গ্ৰেপ্তাৰ কৰা বিষয়টোৱে দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক বিষয়টোক পুনৰ এবাৰ চৰ্চাৰ মাজলৈ লৈ আহিছে। বাংলাদেশ আৰক্ষীয়ে প্ৰকাশ কৰা মতে ম্যানমাৰৰ নিৰাপত্তা বাহিনীৰ বিৰু্ধে আক্ৰমণৰ সৈতে জড়িত ৰোহিংগীয়া বিদ্ৰোহী নেতা আটাউল্লাহ আবু আমমাৰ জুনুনীক গ্ৰেপ্তাৰ কৰিছে। 

Advertisment

৪৮ বৰ্ষীয় আটাউল্লাহ আৰাকান ৰোহিংগীয়া ছালভেচন আৰ্মীৰ মুৰব্বী। বাংলাদেশৰ সংবাদ মাধ্যমৰ আগত আৰক্ষী অধীক্ষক প্ৰায়তুশ কুমাৰ মুজুমদাৰে প্ৰকাশ কৰা মতে আটাউল্লাহক ৰাজধানী ঢাকাৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁক ৰেপিড একচন বেটেলিয়নে আন ৫ গৰাকী সতীৰ্থৰ সৈতে গ্ৰেপ্তাৰ কৰিছে। পাছত মইমনসিঙৰ পৰা আন চাৰি সহযোগীক গ্ৰেপ্তাৰ কৰা হৈছে।

মঙলবাৰেই তেওঁলোকক আৰক্ষীয়ে আদালতত হাজিৰ কৰে আৰু আদালতে তেওঁলোকক ১০ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে। 

আৰছাৰ অপৰাধমূলক কাৰ্যকলাপৰ ইতিহাস

ম্যানমাৰৰ সংখ্যালঘু মুছলমান ৰোহিংগীয়াসকলৰ ওপৰত চলি থকা অত্যাচাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰি গঠন হৈছিল Arakan Rohingya Salvation Army চমুকৈ ARSA নামৰ বিদ্ৰোহী গোট। ২০১৬ চনৰ পৰা ম্যানমাৰৰ উত্তৰ ৰাখাইন প্ৰদেশত এই বিদ্ৰোহী গোটটোৰ নেতৃত্ব দি আহিছে আটাউল্লাহ আবু আমমাৰ জুনুনীয়ে।

২০১৭ চনত আটাউল্লাহ জুনুনীয়ে ARSA ক নেতৃত্ব দি থকাৰ সময়তে সংগঠনটোৱে ৰাখাইন প্ৰদেশত নিৰাপত্তাৰক্ষী চকীত  মাৰাত্মক আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছিল । ২০১৭ চনৰ এই আক্ৰমণৰ পাছতে তেওঁ প্ৰথমবাৰৰ বাবে নিজৰ পৰিচয় ৰাজহুৱা কৰিছিল।

সামাজিক মাধ্যমৰ জৰিয়তে এটা ভিডিঅ’ আপলোড কৰি দৃষ্টি আকৰ্ষণ কৰিছিল। য’ত তেওঁক কেইজনমান মুখা পিন্ধা বন্দুকধাৰীৰ সৈতে দেখা গৈছিল। সেই ভিডিঅ’তে আটাউল্লাহ জুনুনীয়ে ৰোহিংগীয়াসকলক “অমানৱীয় অত্যাচাৰ”ৰ পৰা মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

লক্ষ্যণীয় ভাৱে ARSA ই ৰাখাইন প্ৰদেশত চলোৱা এই আক্ৰমণৰ পাছতে জুণ্টা বাহিনীয়ে ৰোহিংগীয়াৰ ওপৰত নৃশংস সামৰিক দমন কাৰ্যকলাপ বৃদ্ধি কৰে। ফলত ৭ লাখতকৈ অধিক ৰোহিংগীয়া মুছলমানে বাংলাদেশলৈ পলায়ন কৰে। 

ইফালে আটাউল্লাহ জুনুনীৰ বিৰুদ্ধে বাংলাদেশী সামৰিক চোৰাংচোৱা বিষয়াক হত্যা কৰাৰ অভিযোগ আছে। তাৰোপৰি তেওঁৰ বিৰুদ্ধে থকা অপৰাধৰ তালিকাত আছে বাংলাদেশৰ শৰণাৰ্থী শিবিৰত সীমান্ত অতিক্ৰম কৰি ড্ৰাগছ সৰবৰাহ, অপহৰণ, ধন দাবী আৰু নিৰ্যাতনৰ অভিযোগো।

ম্যানমাৰত বিদেশী আক্ৰণমণকাৰীৰ ৰূপত ৰোহিংগীয়া!

প্ৰধানকৈ বৌদ্ধ ধৰ্মীয় ধৰ্মাৱলম্বী ম্যানমাৰৰ সামৰিক চৰকাৰে ৰোহিংগীয়াসকলক মৌলিক অধিকাৰ, নাগৰিকত্বৰ অধিকাৰৰ পৰা বঞ্চিত কৰি আহিছে। ম্যানমাৰৰ চৰকাৰে দাবী কৰে ৰোহিংগীয়াসকলৰ অধিকাংশই বাংলাদেশৰ পৰা আহিছে। তেওঁলোক বিদেশী আক্ৰমণকাৰী। 

অৱশ্যে ম্যানমাৰৰ ৰোহিংগীয়া মুছলমানসকলে প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি ম্যানমাৰত বাস কৰি অহাৰ ইতাহস আছে। ম্যানমাৰৰ সামৰিক চৰকাৰৰ দমনৰ বাবেই ম্যানমাৰৰ পৰা পলায়ন কৰিছে লাখ লাখ ৰোহিংগীয়াই। বাংলাদেশত এই মুহূৰ্তত ১০ লাখতকৈ অধিক ৰোহিংগীয়া শৰণাৰ্থী আছে।

এই ১০ লাখ শৰণাৰ্থীৰ ভিতৰত আছে ২০১৭ চনত ম্যানমাৰৰ ৰাখাইন প্ৰদেশত সামৰিক জুণ্টা প্ৰশাসনে চলোৱা নৃশংখ দমন কাৰ্যকলাপৰ বাবে পলায়ন কৰা ৭ লাখৰো অধিক শৰণাৰ্থী। ইফালে যোৱা সময়ছোৱাত শৰণাৰ্থী শিবিৰত এই ৰোহিংগীয়াসকলৰ বংশও যথেষ্ট বৃদ্ধি পাইছে। প্ৰতি বছৰে হাজাৰ হাজাৰ নতুন শিশুৰ জন্ম হৈছে। 

ম্যানমাৰ বাংলাদেশ