/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/cbf6ffb1-0381-458c-8ce1-0d7eb3ead2f1/AP_FOR_WEB__rimal_.jpg)
ঢাকাৰ পৰা মাছুম বিল্লাহঃ বাংলাদেশৰ উপকূলৱৰ্তী এলেকা অতিক্ৰম কৰিছে বংগোপসাগৰত সৃষ্টি হোৱা ঘূৰ্ণি ধুমুহা ৰীমালে। দেশৰখনৰ বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, প্ৰায় ৬-৭ঘন্টা ধৰি ৰীমালে আতংকৰ সৃষ্টি কৰিব বাংলাদেশত। তাৰ পাছতে ক্ৰমান্বয়ে হ্ৰাস পাব এই ঘূৰ্ণি ধুমুহাৰ প্ৰকোপ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/c90cabce-1742-4365-874a-1d3a570d06a2/27585eff-0942-4be3-8cc4-b9a3b5551c06.jpg)
দেওবাৰে নিশা প্ৰায় ৮বজাত বাংলাদেশত প্ৰৱেশ কৰে ৰীমালে। নিশাটোৰ ভিতৰতে দেশখনৰ ১১টা উপকূলীয় অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰে এই ঘূৰ্ণি ধুমুহাই। ৰবিশাল, পটুয়াখালী, সাতক্ষীৰা, ভোলা, চট্ৰগ্ৰামৰ দৰে উপকূলীয় জিলাত এই ধুমুহাক বাবে ৫জনকৈ লোকৰ মৃত্যু হৈছে। হতাহতৰ সংখ্যা এতিয়ালৈকে জানিব পৰা নাই। ইফালে দেশখনত এটি শিশুসহ দুজন লোক এতিয়াও সন্ধানহীন হৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a7dd0f84-f741-4f0b-aeda-0382ea91e178/1fe4d7e4-2d1e-49f6-ad02-719540cda2d1.jpg)
৫গৰাকী লোকৰ মৃত্যুৰ ভিতৰত ৰবিশালৰ ৰূপাতলী এলেকাত এখন হোটেলৰ পৰা টিন খহিঁ অহাৰ ফলত দুগৰাকী লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে পটুৱাখালীৰ কালাপাহাৰত ঘূৰ্ণি বতাহৰ পৰা ভগ্নীক ৰক্ষা কৰিবলৈ গৈ মৃত্যু হৈছে ২৭বছৰীয়া মহম্মদ শ্বৰীফ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/a6f8315b-33d5-4ce2-b315-2bc4a7b9bf9d/018ffc63-e8ba-462c-b37b-7544e0a89aac.jpg)
মুঠৰ ওপৰত ৰীমালৰ ভয়ংকৰ ৰূপত বিধ্বস্ত হৈ পৰিছে বাংলাদেশৰ জনজীৱন। বাংলাদেশত প্ৰায়বোৰ এলেকাত এতিয়া বিদ্যুতৰ যোগানো ব্যাহত। বহুলোকৰ সৈতে যোগাযোগো কৰিব পৰা নাই পৰিয়ালৰ লোকে। সকলো লোককে অপ্ৰয়োজনত ঘৰৰ পৰা নাইবা আশ্ৰয়স্থলীৰ পৰা ওলাই নাহিবলৈ আহ্বান জনাইছে বাংলাদেশৰ প্ৰশাসনে।
উল্লেখ কৰা প্ৰয়োজন যে, ঘন্টাত ১০০কিলোমিটাৰ বেগত বলিছে এই সামুদ্ৰিক ধুমুহা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/98093b24-48b9-4ba7-b070-e0f3af917e07/893e6ab5-dbf9-4579-a49b-fe0e543a494e.jpg)
Also Read: ঘূৰ্ণী বতাহ ‘ৰীমাল’ৰ প্ৰভাৱ : আজি আৰু কাইলৈ হ’ব ধুমুহা-বৰষুণ !