অভিযোগ অনুসৰি হাছিনাৰ কাৰ্যকালত কেইবাজনো লোকক বিচাৰ নোহোৱাকৈ অপহৰণ কৰি হত্যা কৰা হৈছিল। ন্যায়াধীকৰণৰ মুখ্য অভিযোজক মহম্মদ তাজুল ইছলামে সোমবাৰে নিৰুদ্দেশ আৰু হত্যাৰ সন্দৰ্ভত হাছিনাকে ধৰি ১২ জন লোকৰ বিৰুদ্ধে গোচৰটো দাখিল কৰে।
পিছত, ন্যায়াধীকৰণৰ অধ্যক্ষ ন্যায়াধীশ মহম্মদ গোলাম মৰ্তুজা মজুমদাৰে হাছিনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে আৰু তেওঁক গ্ৰেপ্তাৰৰ নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ কোৱা হৈছে। তাৰোপৰি হাছিনাসহিতে ১২ জনক অহা ১২ ফেব্ৰুৱাৰীৰ ভিতৰত আদালতত হাজিৰ হ'বলৈ কোৱা হৈছে।
মন কৰিবলগীয়া যে, ইয়াৰ পূৰ্বেও ২০২৪ ৰ অক্টোবৰত, ন্যায়াধীকৰণে সংৰক্ষণ সংস্কাৰ আন্দোলনৰ সময়ত 'গণহত্যা আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধ'ৰ অভিযোগত দাখিল কৰা দুটা গোচৰত হাছিনাকে ধৰি মুঠ ৪৫ জন লোকৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।
তদন্তকাৰী সংস্থাক ১৮ নৱেম্বৰ, ২০২৪ ৰ ভিতৰত হাছিনাকে ধৰি সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়াধীকৰণৰ সন্মুখত হাজিৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। উল্লেখ্য যে, ১৯৭১ চনৰ মুক্তি যুদ্ধৰ সময়ত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ গোচৰৰ বিচাৰ কৰিবলৈ ২০১০ চনত হাছিনাৰ কাৰ্যকালত আন্তৰ্জাতিক অপৰাধ ন্যায়াধিকৰণ গঠন কৰা হৈছিল।