মাছুম বিল্লাহ, ঢাকা: আকৌ উত্তপ্ত হৈ উঠিছে বাংলাদেশ। এইবাৰ এগৰাকী সনাতন ধৰ্মীয় নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰাক লৈ ৰণক্ষেত্ৰলৈ পৰিণত হ’ল চট্টগামৰ আদালত চৌহদ।
চট্টগামৰ আদালত চৌহদত সূত্ৰপাত হোৱা এই সংঘাত দেশখনৰ বিভিন্ন প্ৰান্তলৈ সম্প্ৰসাৰিত হৈছে। উল্লেখ্য যে, বাংলাদেশৰ জাতীয় পতাকা অৱমাননাৰ বাবে চট্টগ্ৰামৰ এখন আদালতে বাংলাদেশৰ সন্মিলিত সনাতনী জাগৰণ গোটৰ মুখপাত্ৰ আৰু হাথাজাৰীৰ পুন্দ্ৰিক ধামৰ অধ্যক্ষ চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।
চট্টগ্ৰাম মেট্ৰ'পলিটান-৬ ৰ কাজী শ্বৰিফুল ইছলামে মঙলবাৰে এই নিৰ্দেশ প্ৰদান কৰে। ইয়াকে লৈ উত্তপ্ত হৈ পৰে বাংলাদেশ। চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক চিটাগং আদালত চৌহদৰ পৰা এখন বাহনেৰে কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে তেওঁৰ অনুগামীসকলে কাৰাগাৰৰ বাহনখন অৱৰোধ কৰি প্ৰতিবাদ কৰে।
এই প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ এটা পৰ্যায়ত, সুৰক্ষাকৰ্মীয়ে প্ৰতিবাদকাৰীসকলৰ ওপৰত লাঠি চালনা কৰাৰ লগতে আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। প্ৰতিবাদকাৰীসকলে প্ৰায় ৩ ঘণ্টা ধৰি কাৰাগাৰ বাহনখনক আৱদ্ধ কৰি ৰাখে। এনে পৰিস্থিতিত চিন্ময়ৰ অনুগামী আৰু সুৰক্ষাকৰ্মীসকলৰ মাজত সংঘাত তীব্ৰতৰ হৈ উঠে।
এই সংঘৰ্ষ পৰৱৰ্তী সময়ত কাষৰীয়া অন্য অঞ্চললৈয়ো বিয়পি পৰে। দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ বাবে চিটাগং আদালতৰ চৌপাশ যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়। এই আক্ৰমণত চাইফুল ইছলাম আলিফ নামৰ এজন চৰকাৰী অধিবক্তাও নিহত হৈছে। মঙ্গলবাৰে বিয়লি চট্টগ্ৰাম আদালতত সংঘটিত হয় এই অঘটন।
চিটাগং বাৰ এছ'চিয়েছনৰ সভাপতি নাজিম উদ্দিন চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে প্ৰতিবাদকাৰীসকলে চেম্বাৰৰ তলৰ পৰা চাইফুল ইছলামক লৈ গৈ তেওঁক হত্যা কৰিছে। উল্লেখ্য যে, চিন্ময় কৃষ্ণৰ অনুগামী আৰু উকীলসকলৰ এটা অংশ মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাৰ পৰাই চিটাগং আদালত চৌহদত একত্ৰিত হৈছিল আৰু প্ৰতিবাদ আৰম্ভ কৰিছিল।
আদালত চৌহদত একত্ৰিত হোৱা শ শ পুৰুষ আৰু মহিলাই চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীক কঢ়িয়াই নিয়া কাৰাগাৰৰ ভানখন ৰখাই প্ৰথমে বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ আৰম্ভ কৰে।
ফলস্বৰূপে, সুৰক্ষাকৰ্মীসকল এই সময়ত কেৱল অসহায় হৈ ৰৈ থাকে। এইদৰে প্ৰায় ৩ ঘণ্টা অতিক্ৰম কৰাৰ পাছত বিয়লি ৩ বজাৰ পাছত সুৰক্ষাকৰ্মীসকল কঠোৰ হৈ পৰিছে। তেওঁলোকে প্ৰতিবাদকাৰীসকলক ছত্ৰভঙ্গ দিয়াবলৈ লাঠি চালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰে।
কেৱল চট্টগামেই নহয়, মঙ্গলবাৰে বিয়লি ঢাকা, নাৰায়ণগঞ্জ, ৰংপুৰ, দিনাজপুৰ, বৰিশাল, টাঙ্গালাই, খুলনা, ছাতক্ষিৰা, ৰাজশ্বাহীসহ দেশখনৰ বিভিন্ন জিলাত সতানত ধৰ্মীয় বিভিন্ন সংগঠে চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰীৰ মুক্তিৰ দাবীত বিক্ষোভ প্ৰদাৰ্শন কৰাৰ লগতে সমদল বাহিৰ কৰিছে। এনে পৰিস্থিতিত বাংলাদেশৰ আইন শৃংখলা পৰিস্থিতি স্বাভাৱিক ৰাখিবলৈ উত্তপ্ত হৈ পৰা সকলো স্থানতে বি জি বি মোতায়েন কৰা হৈছে।
কেৱল চট্টগামতে নিয়োগ কৰা হৈছে ৬ প্লাটুন বি জি বি। ইফালে বাংলাদেশ চৰকাৰে শীঘ্ৰেই ৰাষ্ট্ৰদ্ৰোহী আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ব্যৱস্থা লব বুলি উল্লেখ কৰিছে উপদেষ্টা মাহফুজ আলমে। তাৰোপৰি তেওঁ নিৰীহ সংখ্যালঘু জনগোষ্ঠীসকলৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰিবলৈয়ো দেশবাসীৰ প্ৰতি আহ্বান জনাইছে।