Khaleda Zia Hospitalized: ক্ষমতালৈ অহাৰ কৌশল নে সঁচাকৈয়ে অসুস্থ...

চিকিৎসকৰ মতে বহু গুৰুতৰ ৰোগত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী
Khaleda Zia Hospitalized: ক্ষমতালৈ অহাৰ কৌশল নে সঁচাকৈয়ে অসুস্থ...
Khaleda Zia Hospitalized: ক্ষমতালৈ অহাৰ কৌশল নে সঁচাকৈয়ে অসুস্থ...
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ মাজতে বাংলাদেশ নেচনেলিষ্ট পাৰ্টি (Bangladesh Nationalist Party) চমুকৈ বি এন পিৰ নেত্ৰী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়া অসুস্থ হৈ পৰিছে। যোৱা ১২ ছেপ্টেম্বৰৰ মধ্য ৰাতি তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

অসুস্থ খালেদা জিয়া (Khaleda Zia)ৰ স্বাস্থ্যৰ অৱস্থা জটিল। শীঘ্ৰেই তেওঁক বিদেশলৈ যোৱাৰ পৰাৰ্শ দিছে চিকিৎসকে। চিকিৎসকৰ এনে পৰামৰ্শৰ পাছতেই বাংলাদেশৰ বৰ্তমানৰ অন্তৱৰ্তীকালীন চৰকাৰে খালেদা জিয়াক বিদেশলৈ যোৱাৰ অনুমতিও প্ৰদান কৰিছে।

বৰ্তমানেও হাস্পতালত ভৰ্তি হৈ থকা খালেদা জিয়াক বিদেশলৈ নি উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ প্ৰস্তুতি চলাই থকা হৈছে। শীঘ্ৰেই তেওঁক এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে ঢাকাৰ পৰা খুব সম্ভৱতঃ লণ্ডনলৈ লৈ যোৱা হ'ব।

বৰ্তমান তেওঁ ঢাকাৰ বসুন্ধৰা আবাসিক এলেকাত অৱস্থিত এভাৰ কেয়াৰ হাস্পতালত ভৰ্তি হৈ আছে। তেওঁৰ স্বাস্থ্যৰ সন্দৰ্ভত ব্যক্তিগত চিকিৎসক এ জেড এম জাহিড হুছেইনে সংবাদ মাধ্যমৰ আগত কয়- 'মেডিকেল ব'ৰ্ডৰ সিদ্ধান্ত অনুসৰি মেডামক এভাৰ কেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে। তাতেই তেওঁৰ স্বাস্থ্যৰ কিছু পৰীক্ষা, নিৰীক্ষা কৰা হৈছে। এই ৰিপ'ৰ্টসমূহ পৰ্যালোচনা কৰাৰ পাছতহে পৰৱৰ্তী সিদ্ধান্ত গ্ৰহণ কৰিব মেডিকেল ব'ৰ্ডে।

হাস্পতালখনত খালেদা জিয়াক বিশেষজ্ঞ চিকিৎসক অধ্যাপক ছাহাবুদ্দিন তালুকদাৰ নেতৃত্বত এক মেডিকেল ব'ৰ্ডৰ অধীনত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ৭৯ বছৰীয়া বাংলাদেশৰ এই নেত্ৰীগৰাকী লিভাৰ চিৰোচিছ, হৃদৰোগ, কিডনীৰ সমস্যা, ডায়েবেটিছসহ বিভিন্ন ৰোগত আক্ৰান্ত।

আৱামী লীগ (Awami League) ক্ষমতাত থকাৰ সময়ত গৃহ বন্দী হৈ থকা খালেদা জিয়াক ২৭ অক্টোবৰত ৰক্তনলীৰ এক জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল। ইয়াৰ বাবে তেওঁক আমেৰিকালৈ লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও শ্বেইখ হাছিনা (Sheikh Hasina) চৰকাৰৰে তেওঁক আমেৰিকালৈ যোৱাৰ পৰিৱৰ্তে আমেৰিকাৰ তিনিগৰাকী বিশেষজ্ঞ চিকিৎসকক ঢাকালৈ আনি এই অস্ত্ৰোপচাৰ সম্পন্ন কৰোৱাইছিল। তাৰ পাছত ৫ মাহ তেওঁ হাস্পতালতে চিকিৎসকৰ তত্বাৱধানত আছিল।

উল্লেখ্য যে, বিগত বহু বছৰ ধৰি অসুস্থ হৈ আছে খালেদা জিয়া। এই দীঘলীয়া সময়ত তেওঁক বিদেশলৈ নি উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন হৈ আহিছিল। খালেদা জিয়াৰ পৰিয়ালে তেওঁক বিদেশলৈ নিয়াৰ বাবে বাৰে বাৰে অনুমতি বিচাৰি আছিল যদিও শ্বেইখ হাছিনা চৰকাৰে সেই অনুমতি দিয়া নাছিল।

এই অনুমতি নোপোৱাৰ বাবেই তেওঁৰ লিভাৰ ট্ৰান্সপ্লেণ্ট আজিলৈকে সম্ভৱ হোৱা নাই। কিন্তু আৱামী লীগৰ চৰকাৰ পতনৰ পাছতে খালেদা জিয়াক মুক্তি দিবলৈ বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে নিৰ্দেশ দিছিল।

এই নিৰ্দেশৰ পিছতে তেওঁক মুক্তি দিয়া হয় আৰু ১৭ বছৰ ধৰি ফ্ৰীজ কৰি থোৱা তেওঁৰ বেংক একাউণ্টো পুনৰ সক্ৰিয় কৰি তোলা হৈছে। মন কৰিবলগীয়া যে, খালেদা জিয়াৰ এই অসুস্থতাৰ আঁৰত অৱশ্যে বহুতেই ৰাজনৈতিক এক সংযোগো বিচাৰি পাইছে। বাংলাদেশত ছাত্ৰৰ অভ্যুত্থানৰ আঁৰত বি এন পি জড়িত থকাৰ অভিযোগ উঠিছিল।

দেশখনত আৱামী লীগৰ চৰকাৰ পতনৰ পাছতেই বি এন পিয়ে চৰকাৰ গঠন কৰিবলৈ তৎপৰতা দেখুৱাইছিল যদিও সেয়া সম্ভৱ নহ'ল। বাংলাদেশ আৰ্মিৰ গতি বিধি পৰ্যবেক্ষণ কৰি পৰৱৰ্তী পদক্ষেপৰ বাবে ৰৈ আছে এই দলটো। সেয়ে নিজকে এক সুৰক্ষিত স্থানত ৰাখিবলৈকে হাস্পতালত খালেদা জিয়া ভৰ্তি হোৱাৰ চৰ্চা হৈছে। এই চৰ্চা সম্পূৰ্ণ সত্য নহয়।

অৱশ্যে এই কথা সত্য যে, বাংলাদেশৰ ইতিহাসত এতিয়ালৈকে যিমান কেইবাৰ গণ অভ্য়ুত্থান হৈছে এই আটাইকেইবাৰেই প্ৰকাৰন্তৰে লাভাম্বিত হৈ আহিছে বি এন পি। ১৯৭৫, ১৯৯০ আৰু ২০২৪ ৰ এই তিনিওটা গণ অভ্যুত্থান হৈছে বাংলাদেশৰ লেখত ল'বলগীয়া গণ অভ্যুত্থান।

ইয়াৰে ১৯৭৫ চনৰ গণ অভ্যুত্থানৰ জৰিয়তে জিয়াউৰ ৰহমান ক্ষমতালৈ আহিছিল। গঠন কৰিছিল বাংলাদেশ নচনেলিষ্ট পাৰ্টি। ১৯৯০ ৰ গণ অভ্যুত্থানৰ মাজেৰে পুনৰ ক্ষমতালৈ আহিছিল বি এন পি। ২০১৪ ৰ গণ অভ্যুত্থানৰ পাছতো এতিয়া তেনে এক পৰিবেশেই সূচনা হৈছে।

গণ অভ্যুত্থানৰ পাছত বি এন পি এইদৰে লাভাম্বিত হোৱাৰ আঁৰত মূল কাৰণ হৈছে ৰাজনৈতিক শূন্যতা। যেতিয়াই আৱামী লীগৰ বিৰুদ্ধে জনতাৰ ক্ষোভৰ বৰ্হি প্ৰকাশ হৈছে তেতিয়াই তাৰ সুযোগ গ্ৰহণ কৰিছে বি এন পিয়ে। সেয়ে ক্ষমতাত নথকাৰ সময়ত বি এন পিয়ে দেশখনত এনে অভ্যুত্থাপনৰ সুযোগৰ সন্ধানত থাকে।

২০১৪ ৰ ছাত্ৰ বিপ্লৱৰ মাজতে ৰাজনৈতিক পট পৰিবৰ্তন হোৱাৰ পিছত বি এন পিৰ কাৰাৰুদ্ধ সকলো নেতাই মুক্তি লাভ কৰিছে। বহুতৰ বিৰুদ্ধে থকা অভিযোগ, গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। আনকি আৱামী লীগৰ শাসনৰ সময়ত দেশৰ পৰা বাহিৰত থাকিবলগীয়া হোৱা বি এন পি নেতাৰ এতিয়া দেশলৈ আগমণ ঘটিছে।

সেয়ে এতিয়া ৰাজনৈতিক শূন্য পৰিস্থিতিত পুনৰ বাংলাদেশৰ ক্ষমতা দখলৰ সন্ধানত আছে বি এন পি। এনে পৰিস্থিতিতে খালেদা জিয়া হঠাৎ হাস্পতালত ভৰ্তি হোৱা বিষয়টোৱে চৰ্চা লাভ কৰিছে। দলটোৰ ৰাজনৈতিক উদ্দেশ্য যিয়েই নাথাকক এই মুহূৰ্তত কিন্তু খালেদা জিয়া সঁচাকৈয়ে অসুস্থ। তেওঁৰ স্বাস্থ্যক লৈ পৰিয়াল, দলীয় কৰ্মী সকলো উদ্বিগ্ন।

Khaleda Zia Hospitalized: ক্ষমতালৈ অহাৰ কৌশল নে সঁচাকৈয়ে অসুস্থ...
ADRE 2024: পৰীক্ষা কেন্দ্ৰলৈ কি নিব, কেনেকৈ OMR ত লিখিব চাওঁক সকলো

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in