/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/01e0ee0b-0ab1-426b-9d56-0efcac028350/bangladesh_8.jpg)
পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনাঃ ৬০ শতাংশ ভোটাৰে বৰ্জন কৰিলে নিৰ্বাচন...
ডিজিটেল ডেস্কঃ পুনৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ দিশে শ্বেখ হাছিনা। দেশখনৰ সাধাৰণ নিৰ্বাচনত নিজা সমষ্টি গোপালগঞ্জ-৩ৰ পৰা ২ লাখৰো অধিক ভোটত বিজয় সাব্যস্ত কৰিছে হাছিনাই। আনহাতে তেওঁৰ দলো পুনৰ ক্ষমতা দখলৰ দৌৰত আছে। অৱশ্যে তাৰ মাজতে বিৰোধী দলৰ অভিযোগ বাংলাদেশত কোনো নিৰ্বাচন হোৱা নাই।
প্ৰধান বিৰোধী দল বি এন পিসহ একাধিক ৰাজনৈতকি দলে এই নিৰ্বাচন বৰ্জন কৰিছে। ভোটগ্ৰহণৰ আগ নিশা শনিবাৰৰ পৰা ৪৮ ঘণ্টাৰ ধৰ্মঘটৰ আহ্বান দিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিঞাৰ দল বি এন পিয়ে।
তাৰ মাজতে অনুষ্ঠিত হোৱা ভোটগ্ৰহণত দেওবাৰে পুৱা দেখা গৈছিল জনতাৰ সেৰেঙা উপস্থিতি। ভোটগ্ৰহণক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বহু ঠাইত উত্তেজনা। একাধিক ভোটগ্ৰহণ কেন্দ্ৰত ভোটিং বাতিল কৰা হৈছে।
হিংসাত প্ৰাণ গৈছে এজন লোকৰ। গুলীবিদ্ধ হৈছে আন দুজন। বিয়লি ৩ বজা পৰ্যন্ত ভোটদান কৰিছে মাত্ৰ ৩৬ শতাংশ ভোটাৰে। সৰ্বশেষত ভোটদান হয়গৈ মাত্ৰ ৪০ শতাংশ। অৰ্থাৎ ৬০ শতাংশ ভোটাৰে ভোটদান কৰাৰ পৰা বিৰত থাকিল।
বি এন পিৰ দাবী, সাধাৰণ মানুহে এই ভুৱা নিৰ্বাচন প্ৰত্যাখ্যান কৰিছে। তেওঁলোকৰ দাবী এয়া একপক্ষীয় নিৰ্বাচন। ভোটকেন্দ্ৰত কোনো ভোটাৰ নাই। অৱশ্যে বাংলাদেশৰ বিদেশ মন্ত্ৰী এ কে আব্দুল মোমেনৰ দাবী দেশখনত সুস্থ নিৰ্বাচন অনুষ্ঠিত হৈছে।
দেওবাৰে নিশা প্ৰায় ৮ বজাত বেচৰকাৰীভাৱে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিজয়ৰ খবৰ বাংলাদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পায়। তেওঁ প্ৰতিদ্বন্দিতা কৰা গোপালগঞ্জ-৩ সমষ্টিত মুঠ ২ লাখ ৯০ হাজাৰ ৩০০ ভোটাৰৰ বিপৰীতে তেওঁ ভোট লাভ কৰিছে ২ লাখ ৪৯ হাজাৰ ৯৬২ টা। তেওঁৰ নিকটতম প্ৰতিদ্বন্দি এন পি পিৰ শ্বেখ আবুল কালামে পাইছে মাত্ৰ ৪৬০ টা ভোট।
ইফালে বাংলাদেশৰ ক্ৰিকেটাৰ ছাকিব অল হাছানেও এই নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিপুল ভোটত বিজয় সাব্যস্ত কৰিছে। বাংলাদেশৰ মাগুৰা-১ সমষ্টিত প্ৰতিদ্বন্দিতা কৰি ছাকিব অল হাছানে লাভ কৰিছে ১ লাখা ৮৫ হাজাৰ ৩৮৮ টা ভোট।
নিশালৈকে বাংলাদেশৰ আৱামী লীগে ৯০ খা আসনত বিজয় সাব্যস্ত কৰাৰ বিপৰীতে জাতীয় পাৰ্টী আৰু অন্যান্য দলসমূহে লাভ কৰিছে ২৪ খন আসন। উল্লেখ্য, দেওবাৰে আছিল বাংলাদেশৰ সংসদৰ দ্বাদশ সাধাৰণ নিৰ্বাচন।
মুঠ ৩০ খন আসনৰ ভিতৰত ২৯৯ খন আসনৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। এই নিৰ্বাচত প্ৰতিদ্বন্দিতা কৰিছে ২৮ টাকৈ ৰাজনৈতিক দলে। মুঠ প্ৰাৰ্থীৰ সংখ্যা ১৯৬৯ গৰাকী। মুঠ ভোটাৰৰ সংখ্যা ১১ কোটি ৯৬ লাখ ৮৯ হাজাৰ ২৮৯ জন।
Also Read: মাঘৰ বিহুত ঘোষণা হ'ব অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ বঁটা...