/asomiyapratidin/media/media_files/2024/12/02/KNSW3fYAmQ0JNbfZA2lu.jpg)
ডিজিটেল ডেস্কঃ বাংলাদেশে ভাৰতীয় পুঁজিপতি গৌতম আদানীৰ প্ৰতিষ্ঠান আদানী পাৱাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰাৰ পৰিমাণ ৫০ শতাংশ হ্ৰাস কৰিছে। এক প্ৰতিবেদন অনুসৰি শীত কালত বিদ্যুতৰ চাহিদা হ্ৰাস পোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বাংলাদেশ চৰকাৰে।
বাংলাদেশ চৰকাৰে যদিও শীতৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি উল্লেখ কৰিছে তথাপিও ইয়াৰ আঁৰত আন কেতবোৰ বিষয় জড়িত হৈ থকাৰো সন্দেহ কৰা হৈছে। কিয়নো দেশখনে এনে এক সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যি সময়ত দেশখনে আদানী পাৱাৰক বহু মিলিয়ন ডলাৰ ধন আদায় দিবলৈ বাকী থকাক লৈ বিতৰ্ক অব্যাহ আছে।
আদানী পাৱাৰে যোৱা ৩১ অক্টোবৰৰ পৰা বিদ্যুতৰ বাবে দিবলগীয়া ধন আদায় নিদিয়াৰ বাবে বাংলাদেশলৈ বিদ্যুতৰ যোগান ৫০ শতাংশ হ্ৰাস কৰিছে। বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাৰ উপৰিও দেশখনৰ অৰ্থনৈতিক সংকটেও বৰ্তমান ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।
সম্প্ৰতি ভাৰতৰ উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে আমেৰিকাৰ এখন আদালতে আদানী ছ'লাৰ পাৱাৰ চুক্তিৰ বাবে ২৫ কোটি ডলাৰ ঘোচ দিয়াৰ অভিযোগ কৰিছে। এই অভিযোগ আদানী গ্ৰুপে অস্বীকাৰ কৰি ইয়াৰ বিৰুদ্ধে আইনগতভাৱে মোকাবিলা কৰিব বুলিও জনাইছে।
আদানীৰ এই প্ৰসংগৰে ভাৰতৰ ৰাজনীতিও উত্তাল হৈ আছে। তাৰ মাজতেই বাংলাদেশে এই সিদ্ধান্ত গ্ৰহণ কৰা বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ। আজি বাংলাদেশৰ শক্তি উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ মহম্মদ ৰেজাউল কৰিমে কয়, আমি যেতিয়া বিদ্যুৎ যোগানৰ পৰিমাণ হ্ৰাস কৰাৰ কথা জানিবলৈ পালো আমি আচৰিত হৈছিলো আৰু আমাৰ খং উঠিছিল। কিন্তু শীতকালৰ কথা মনত ৰাখি আমি এতিয়া আদানী পাৱাৰক জনাইছো বিদ্যুতৰ চাহিদা কম হোৱাৰ বাবে দুটা প্লাণ্ট চলোৱাৰ প্ৰয়োজন নাই।
উল্লেখ্য যে, আদানী পাৱাৰৰ ঝাৰখণ্ডত এটা ২ বিলিয়ন ডলাৰৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰ বা প্লাণ্ট আছে। ইয়াৰ পৰা বাংলাদেশক বিদ্যুৎ সৰবৰাহ কৰি আহিছে।
এই প্লাণ্ট ৮০০ মেগাৱট ক্ষমতাসম্পন্ন দুটা ইউনিটৰ সৈতে ২০১৭ চনত স্থাপন কৰা হৈছিল। যোৱা নৱেম্বৰ মাহত এই প্লাণ্টত মাত্ৰ ৪১.৮২ শতাংশ হে বিদ্যুৎ উতপাদন কৰা হৈছে। ইয়াৰ কাৰণ হৈছে অক্টোবৰৰ শেষৰ পৰা বাংলাদেশলৈ বিদ্যুৎৰ যোগান হ্ৰাস কৰা।
জানিব পৰা মতে বাংলাদেশে আদানীৰ এই প্ৰকল্পৰ পৰা যোৱা শীতত প্ৰতি মাহে প্ৰায় ১০০০ মেগাৱট বিদ্যুৎ ক্ৰয় কৰিছিল। কিন্তু এইবাৰ এই পৰিমাণ হ্ৰাস পাব।
আদানী পাৱাৰৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি তেওঁলোকে বাংলাদেশৰে হোৱা চুক্তি অব্যাহত ৰাখিছে। দেশখনৰ বকেয়াৰ পৰিমাণ বৃদ্ধি হোৱাৰ বাবে ইয়াত বিদ্যুত উৎপাদন হ্ৰাস কৰা হৈছে।