/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/44c677d6-cdb9-42a8-8472-a5f43a0eb4b3/dffdfdf.jpg)
ডিজিটেল সংবাদ, ঢাকাঃ বাংলাদেশৰ আভ্যন্তৰীণ বিষয়ত কেতিয়াও চীন হস্তক্ষেপ নকৰে। চীনৰ ইন্টাৰনেশ্যনেল ডিপাৰ্টমেন্ট অব চীনা কমিউনিষ্ট পাৰ্টিৰ মন্ত্ৰীয়ে এই কথা জনায়। তেওঁ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ প্ৰশংসা কৰি কয় যে চীনে বাংলাদেশত নিৰপেক্ষ আৰু শান্তিমূলক নিৰ্বাচন অনুষ্ঠিত হোৱাতো বিচাৰে।
আৱামী লীগৰ প্ৰতিনিধিসকলে শুক্ৰবাৰে বেইজিংত চীনৰ শাসনাধিষ্ঠ চিপিচিৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। আৱামী লীগৰ এটা প্ৰতিনিধি দলে চীনত বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ (বিআৰআই) সন্মিলনত অংশগ্ৰহণ কৰে। আৱামী লীগৰ প্ৰেছিডিয়ামৰ সদস্য লেফটেনেণ্ট কৰ্ণেল ফাৰুক খান, আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা উপ-সমিতিৰ সদস্য তথা চীন আৱামী লীগৰ প্ৰাক্তন আহ্বায়ক তৰুণ কান্তি দাস কান্তি, আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা উপ-সমিতিৰ সদস্য খালেদ মাছুদ আহমেদ আৰু সুমন কুণ্ডুও এই প্ৰতিনিধি দলৰ অংশ।
চীন আৱামী লীগৰ প্ৰাক্তন আহ্বায়ক তৰুণ কান্তি দাস কান্তিয়ে কয় যে চীনৰ উপমন্ত্ৰী চুন হে য়ুৱানৰ সৈতে ফাৰুক খানৰ দ্বিপাক্ষিক বৈঠক যথেষ্ট ফলপ্ৰসূ হৈছে। ৰোহিংগীয়া সমস্যা সন্দৰ্ভত চীনৰ উপমন্ত্ৰীগৰাকীয়ে কয় যে চীনে বাংলাদেশৰ পৰা ৰাখাইন ৰাজ্যলৈ ৰোহিংগীয়াসকলক প্ৰত্যাৱৰ্তনৰ সুবিধাৰ বাবে বাংলাদেশৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
আৱামী লীগৰ প্ৰতিনিধি দলটোৱে বিআৰআইৰ ওপৰত পেনেল আলোচনাকে ধৰি বিভিন্ন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত ফাৰুক খানে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক ভাল কৰি একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।
বাংলাদেশ আৱামী লীগৰ প্ৰেছিডিয়ামসদস্য লেফটেনেণ্ট কৰ্ণেল (অৱসৰপ্ৰাপ্ত) ফাৰুক খানৰ নেতৃত্বত এটা চাৰি জনীয়া প্ৰতিনিধি দলে ৮ নৱেম্বৰত চীন ভ্ৰমণ কৰে। ৯, ১০ আৰু ১১ নৱেম্বৰৰ এই ভ্ৰমণৰ অংশ হিচাপে বাংলাদেশ, ইণ্ডোনেছিয়া, কম্বোডিয়া, নেপাল, পাকিস্তান, শ্ৰীলংকা, ইউএই, ফিলিপাইনছ আৰু ভাৰতকে ধৰি দক্ষিণ এছিয়াৰ দেশ সমূহে তিনিদিনীয়া 'বেল্ট এণ্ড ৰোড ইনিশিয়েটিভ' (বিআৰই) চিপিচিএছইন আলোচনাত অংশগ্ৰহণ কৰে। আলোচনাচক্ৰ আৰু বৈঠকত সাংবাদিক আৰু ৫১ টা ৰাজনৈতিক দলৰ নেতাসহ ২০০ তকৈও অধিক প্ৰতিনিধি দলে অংশগ্ৰহণ কৰিছিল।
Also Read: আৰতি সুতৰ জীৱন,জীৱিকা আৰু অন্যান্য শীৰ্ষক গ্ৰন্থ উন্মোচন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us