স্বাধীন বেলুচিস্তানক স্বীকৃতি দিবলৈ অনুৰোধ বেলুচ সাহিত্যিকৰঃ বিচাৰিছে দূতাবাসৰো অনুমতি...

বেলুচিস্তানৰ বিখ্যাত সাহিত্যিক মিৰ য়াৰ বালোচেও তেওঁৰ সামাজিক মাধ্যমৰ জৰিয়তে বেলুচিস্তান স্বাধীন হ’ল বুলি কৰা ঘোষণাই বিশ্বজুৰি আলোড়ণৰ সৃষ্টি কৰিছে। 

author-image
Tushar Pratim
New Update
স্বাধীন বেলুচিস্তানক স্বীকৃতি দিবলৈ অনুৰোধ বেলুচ সাহিত্যিকৰঃ বিচাৰিছে দূতাবাসৰো অনুমতি...

ডিজিটেল ডেস্কঃ ভাৰত-পাক সংঘাতৰ মাজতে স্বাধীনতা লাভ কৰিলে বেলুচিস্তানে। নিশা ভাৰতৰ সৈতে যুঁজ দি থকাৰ সময়তে বেলুচ লিবাৰেচন আৰ্মীয়ে বেলুচিস্তানৰ কুৱেটা চহৰ দখল কৰি স্বাধীনতা ঘোষণা কৰাৰ খবৰ বিয়পি পৰিছিল। তাৰ মাজতেই বিখ্যাত সাহিত্যিক মিৰ য়াৰ বালোচেও তেওঁৰ সামাজিক মাধ্যমৰ জৰিয়তে বেলুচিস্তান স্বাধীন হ’ল বুলি কৰা ঘোষণাই বিশ্বজুৰি আলোড়ণৰ সৃষ্টি কৰিছে। 

Advertisment

সাহিত্যিকগৰাকীয়ে দাবী কৰিছে এই মুহূৰ্তত ভাৰতে স্বাধীন বেলুচিস্তানক স্বীকৃতি দিয়া উচিত। তেওঁ ৰাষ্ট্ৰসংঘৰ পৰাও স্বতন্ত্ৰ বেলুচিস্তানৰ স্বীকৃতি বিচাৰিছে। মন কৰিবলগীয়া যে বেলুচ বিদ্ৰোহীয়ে দীৰ্ঘদিন ধৰি পাকিস্তানৰ পৰা স্বাধীনতাৰ বাবে আন্দোলন কৰি আহিছে। ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মাজতেই সেই লক্ষ্য পূৰণ হৈছে বুলি দাবী কৰা হৈছে। 

বুধবাৰে বেলুচিস্তানত পাকিস্তানী সেনাৰ ওপৰত দুবাৰকৈ আক্ৰমণ সংঘটিত হয়। বোলানৰ শ্বোৰকাণ্ডেত সেনাৰ কনভয়ত ৰিম’ট কণ্ট্ৰ’লৰ জৰিয়তে বিস্ফোৰণ ঘটাইছিল আই ই ডিৰ। এই আক্ৰমণত পাকিস্তানৰ কমে ১২ জন সেনা বিষয়াৰ সহ সাধাৰণ জোৱান নিহত হৈছিল। ইয়াৰ ভিতৰত বিশেষ অভিযান অধিনায়ক তাৰিক ইমৰাণ, চুবেদাৰ উমৰ ফাৰুককে ধৰি বহুকেইজন ব্যক্তি আছিল। 

সম্পূর্ণৰূপে ধ্বংস হয় জোৱান কেইজনে ব্যৱহাৰ কৰা বাহন। একেদিনাই দুপৰীয়া ২:৪০ বজাত কেচেৰৰ কুলাগ টিগ্ৰানতো ৰিম’ট কণ্ট্ৰ’লড আই ই ডি বিস্ফোৰণ সংঘটিত হয়। বোমা নিষ্ক্ৰীয় কৰা স্কোয়াডৰ দুজন বিষয়া নিহত হয়।

এই ঘটনাৰ পিছতে বৃহস্পতিবাৰে মিৰে নিজৰ এক্স হেণ্ডেলত বেলুচ লিবাৰেচন আৰ্মীৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। তাৰ লগত তেওঁ লিখিছে, ‘আমাৰ স্বাধীনতা কাঢ়ি লোৱা হৈছে। দিল্লীত স্বাধীন বেলুচিস্তানৰ বাবে দূতাবাস স্থাপনৰ অনুমতি দিবলৈ ভাৰতক অনুৰোধ। আমি ৰাষ্ট্ৰসংঘলৈও আহ্বান জনাইছো যে আমাক এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়ক। একে সময়তে পাকিস্তানী সেনাক আঁতৰাবলৈ শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰিব লাগে।’

মিৰে লগতে কয় যে অতি সোনকালে এখন স্বতন্ত্ৰ বেলুচিস্তান চৰকাৰ গঠন হ’ব। তাৰ আগতে অ-বালোচসকলে প্ৰশাসনৰ পৰা পদত্যাগ কৰিব লাগিব। কেবিনেটত বেলুচ মহিলাৰ প্ৰতিনিধিত্ব থাকিব। স্বতন্ত্ৰ বেলুচিস্তানে বন্ধুত্বপূৰ্ণ দেশৰ নেতাক আমন্ত্ৰণ কৰি আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিব। 

অৱশ্যে বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী তেওঁলোকে বেলুচৰ ৩০ শতাংশ ভূখণ্ডহে দখল কৰিবলৈ সক্ষম হৈছে। তাৰ মাজতে ভাৰত-পাক সংঘাতত সমগ্ৰ ভূখণ্ড বেলুচৰ নিয়ন্ত্ৰণলৈ আহিবনে সেই প্ৰশ্নও এতিয়া উত্থাপন হৈছে।ৃ

অপাৰেচন সিন্দুৰ