/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/f488b70a-5f54-4a37-8b11-8c5d45d8eb48/russia_base_attacked.jpg)
ডিজিটেল ডেস্ক : সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই ল'লে নতুন ৰূপ । এইবাৰ ৰাছিয়াৰ সামৰিক প্ৰশিক্ষণ ঘাটিত আক্ৰমণ অচিনাক্ত দুই লোকৰ । ইউক্ৰেইনৰ নিকটৱৰ্তী বেলগৰড প্ৰদেশত থকা সামৰিক ঘাটিত হোৱা এই আক্ৰমণত মৃত্যু হয় ১১ জন ৰাছিয়ান সেনাৰ আৰু গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ১৫ জন সেনা । অৱশ্যে প্ৰত্যাক্ৰমণত নিহত হয় আক্ৰমণকাৰী দুগৰাকীও ।
শনিবাৰে এই আক্ৰমণ সংঘটিত হয় ৰাছিয়াৰ দক্ষিণ-পশ্চিম অংশৰ বেলগৰড প্ৰদেশত যি ৰাছিয়া-ইউক্ৰেইনৰ সীমাত অৱস্থিত । তথ্য অনুসৰি সামৰিক ঘাটিত আক্ৰমণৰ সময়ত উপস্থিত থকা সেনাই প্ৰস্তুতি চলাই আছিল ইউক্ৰেইনত আক্ৰমণৰ ।
অৱশ্যে, এই আক্ৰমণক সন্ত্ৰাসবাদীৰ আক্ৰমণ আখ্যা দিছে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে । মন্ত্ৰালয়ৰ তথ্য অনুসৰি, আক্ৰমণকাৰী দুগৰাকী ৰাছিয়াৰেই প্ৰাক্তন নাগৰিক । কোনো পধ্যেই বিশ্ববাসীৰ সন্মুখত দুৰ্বল হ'ব নোখোজা ৰাছিয়াই যুদ্ধৰ মাজতেই সেনা বাহিনীত ভৰ্তি কৰাইছিল সাধাৰণ নাগৰিকক । তাৰ পাছতেই যুদ্ধৰ ভয়াৱহতাৰ পৰা আতৰি থাকিবলৈ ৰাছিয়া ত্যাগ কৰিছিল বহু হেজাৰ যুৱকে । এই যুৱক দুগৰাকীয়েও ৰাছিয়া ত্যাগ কৰাৰ বাবেই নাগৰিকত্ব হেৰুৱাইছিল বুলি জানিবলৈ দিয়ে ৰাছিয়ান চৰকাৰে ।