‘মিনেহেলেন মেম’ৰিয়েল’ত দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় নাৱিকলৈ সৰ্বানন্দ সোণোৱালে জনালে শ্ৰদ্ধাঞ্জলি

ন'ৰৱে ভ্ৰমণত থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ক্ৰাউন প্ৰিন্সৰ সৈতে বিশ্বৰ অগ্ৰণী সামুদ্ৰিক অনুষ্ঠান ন’ৰ-শ্বিপিঙত ভাৰত পেভিলিয়নৰ যৌথ ভাৱে শুভউদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
‘মিনেহেলেন মেম’ৰিয়েল’ত দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় নাৱিকলৈ সৰ্বানন্দ সোণোৱালে জনালে শ্ৰদ্ধাঞ্জলি 

ডিজিটেল ডেস্কঃ সম্প্ৰতি ন'ৰৱে ভ্ৰমণত থকা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ন'ৰৱেৰ ক্ৰাউন প্ৰিন্সৰ সৈতে বিশ্বৰ অগ্ৰণী সামুদ্ৰিক অনুষ্ঠান ন’ৰ-শ্বিপিঙত ভাৰত পেভিলিয়নৰ যৌথ ভাৱে শুভউদ্বোধন কৰে। এই বৃহৎ অনুষ্ঠানত ভাৰতৰ প্ৰথমবাৰৰ অংশগ্ৰহণৰ চিন স্বৰূপে এই পেভিলিয়নটো দেশৰ সামুদ্ৰিক শক্তি প্ৰদৰ্শনৰ বাবে ডিজাইন কৰা হৈছে, যাৰ লক্ষ্য হৈছে আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক শক্তি বোৰৰ সৈতে মিত্ৰতা আৰু সহযোগিতা গঢ়ি তুলি ভাৰতৰ সামৰ্থ্য বৃদ্ধি কৰা। সোণোৱাল আৰু ক্ৰাউন প্ৰিন্সে ভাৰত পেভিলিয়নৰ বিপণীসমূহ পৰিদৰ্শন কৰে আৰু পেভিলিয়নত প্ৰদৰ্শিত গুজৰাটত নিৰ্মীয়মান ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্সৰ মডেল প্ৰত্যক্ষ কৰি ন"ৰৱেৰ ৰাজকুমাৰে ভূয়সী প্ৰশংসা কৰে।

Advertisment

‘মিনেহেলেন মেম’ৰিয়েল’ত দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় নাৱিকলৈ সৰ্বানন্দ সোণোৱালে জনালে শ্ৰদ্ধাঞ্জলি 

ক্ৰাউন প্ৰিন্সে ভাৰতৰ সামুদ্ৰিক ঐতিহ্য আৰু উত্তৰাধিকাৰৰ সন্দৰ্ভত কয়, "ভাৰতৰ চাৰি হাজাৰ বছৰীয়া সামুদ্ৰিক ইতিহাস ন'ৰৱেৰ ভাইকিং সামুদ্ৰিক পৰম্পৰাতকৈ ওপুৰণি"। গুজৰাটৰ লোথালত বিকশিত হৈ থকা উক্ত প্ৰবন্ধৰ লক্ষ্য হৈছে সিন্ধু উপত্যকাৰ সভ্যতাৰ পৰা আজিলৈকে ভাৰতৰ সামুদ্ৰিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰদৰ্শন কৰা।

এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে এক অভিলাষী সামুদ্ৰিক যাত্ৰাত ক্ষিপ্ৰতাৰে আগুৱাই গৈছে। আমি সামুদ্ৰিক ঐতিহ্য সংৰক্ষণৰ সমান্তৰালকৈ স্মাৰ্ট বন্দৰ, আধুনিক জাহাজ আৰু ডিজিটেল আন্তঃগাঁথনি নিৰ্মাণ কৰাতো অগ্ৰাধিকাৰ দিছোঁ। এই সময়ত আমাৰ সাগৰীয়, আমাৰ জাহাজ নিৰ্মাতা আৰু আমাৰ নাৱিকসকলৰ বিস্তৃত জ্ঞানকো উদযাপন কৰি আছোঁ। ভাৰতক বিশ্বৰ এখন আগশাৰীৰ সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ দিশত আমি নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ।" 

‘মিনেহেলেন মেম’ৰিয়েল’ত দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় নাৱিকলৈ সৰ্বানন্দ সোণোৱালে জনালে শ্ৰদ্ধাঞ্জলি 

ভাৰত পেভিলিয়ন ভ্ৰমণৰ সময়ত দ্য ক্ৰাউন প্ৰিন্সে ভাৰতৰ শেহতীয়া অৰ্থনৈতিক প্ৰদৰ্শনৰ সন্দৰ্ভত আগ্ৰহ প্ৰকাশ কৰে আৰু এই বছৰ ভাৰতৰ ৮শতাংশ তকৈ অধিক শক্তিশালী বাৰ্ষিক বৃদ্ধিৰ বাবে প্ৰশংসা প্ৰকাশ কৰে। চলিত বৰ্ষৰ শেষৰ ফালে ক্ৰাউন প্ৰিন্সে এক উচ্চ পৰ্যায়ৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ সৈতে তেওঁৰ আগন্তুক ভাৰত ভ্ৰমণ নিশ্চিত কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ক্ৰাউন প্ৰিন্সক হৰপ্পান সভ্যতা প্ৰতিফলিত কৰা এখন স্মৃতিফলক প্ৰদানেৰে সম্ভাষণ যাচে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ৰাউন প্ৰিন্সক ৰাষ্ট্ৰীয় সামুদ্ৰিক ঐতিহ্য কমপ্লেক্স পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায় আৰু প্ৰকল্পটোৰ সফল বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত ন'ৰৱেৰ সহযোগিতা কামনা কৰে। ক্ৰাউন প্ৰিন্সৰ ভাৰত পেভিলিয়ন ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দুয়োখন দেশৰ শক্তিশালী দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়েও আলোকপাত কৰে। সামুদ্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰত আৰু ন'ৰৱেৰ মাজত এক শক্তিশালী আৰু ক্ৰমবৰ্ধমান অংশীদাৰিত্ব আছে বুলি উল্লেখ কৰে।

ন'ৰৱেৰ জাহাজৰ মালিক সকলৰ কাৰ্যালয় ভাৰততো আছে, আনহাতে ভাৰতীয় নাৱিক সকল হৈছে তেওঁলোকৰ জাহাজৰ কৰ্মীৰ ১০ শতাংশ । গুৰুত্বপূৰ্ণ যে- কোচিন শ্বিপয়াৰ্ডৰ দৰে ভাৰতীয় জাহাজ নিৰ্মাণ কাৰখানা সমূহে ভাৰতৰ জাহাজ নিৰ্মাণ শক্তি প্ৰদৰ্শন কৰি কেইবাখনো বৃহৎ জাহাজ ন'ৰৱেৰ বাবে নিৰ্মাণ কৰিছে।

এই সহযোগিতা নীল অৰ্থনীতিলৈকে বিস্তৃত। তদুপৰি সাগৰীয় পৰিকল্পনা, প্ৰদূষণমূলক গৱেষণা, চুনামীৰ আগতীয়া সতৰ্কবাণী ব্যৱস্থা আৰু গভীৰ সাগৰৰ খননৰ বাবে যৌথ পদক্ষেপৰ ক্ষেত্ৰতো ভাৰত আৰু ন'ৰৱেৰ সম্পৰ্ক সুদৃঢ় হৈছে। ২০১৯ চনত স্থাপিত নীল অৰ্থনীতিৰ যুটীয়া টাস্ক ফ’ৰ্চে সামুদ্ৰিক খণ্ডত বহনক্ষম উন্নয়ন আৰু উদ্ভাৱনক আগুৱাই লৈ গৈছে।

‘মিনেহেলেন মেম’ৰিয়েল’ত দ্বিতীয় বিশ্বযুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় নাৱিকলৈ সৰ্বানন্দ সোণোৱালে জনালে শ্ৰদ্ধাঞ্জলি 

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ন'ৰৱেত ভাৰতীয় নাৱিকসকলক সন্মানেৰে শ্ৰদ্ধাঞ্জলি জনাই ষ্টাভাৰ্ণৰ ‘মিনেহেলেন মেম’ৰিয়েল’ পৰিদৰ্শন কৰে। এই মেম'ৰিয়েল পৰিদৰ্শন কৰা তেখেত হৈছে প্ৰথমজন ভাৰতীয় মন্ত্ৰী। সোণোৱালে প্ৰণাম জনাই দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত চূড়ান্ত ত্যাগ কৰা ৮৬জন ভাৰতীয় নাৱিকক শ্ৰদ্ধাৰে স্মৰণ কৰে।

এই ভ্ৰমণৰ সময়ত সৰ্বানন্দ সোণোৱালে কয়, "দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অদম্য সাহস আৰু ত্যাগৰ নিদৰ্শন দাঙি ধৰি সেৱা আগবঢ়োৱা ভাৰতীয় নাৱিক সকলক আজি মিনেহেলেন স্মাৰক পৰিদৰ্শন কৰি শ্ৰদ্ধাঞ্জলি জনোৱাটো মোৰ বাবে এক গৌৰৱৰ কথা। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ভাৰতীয় নাৱিক সকলে ন'ৰৱেৰ জাহাজ খণ্ডত সেৱা আগবঢ়োৱা তৃতীয় বৃহত্তম বিদেশী গোট হিচাপে পৰিগণিত হৈছিল।"

সৰ্বানন্দ সোণোৱাল