অসমৰ নাট্যকাৰ উজলিল দক্ষিণ আফ্ৰিকাৰ ডাৰবানত...

মঞ্চত উপস্থাপন হ'ল লক্ষীনন্দন বৰুৱাৰ 'আলাদিন এণ্ড হিজ ৱণ্ডাৰফুল লেম্প'
অসমৰ নাট্যকাৰ উজলিল দক্ষিণ আফ্ৰিকাৰ ডাৰবানত...

ডিজিটেল ডেস্ক : দক্ষিণ আফ্ৰিকাৰ ডাৰবানত অনুষ্ঠিত হ'ল মধ্য প্ৰাচ্যৰ লোককথাৰ বিখ্যাত চৰিত্ৰ আলাদিনৰ ওপৰত ৰচিত 'আলাদিন এণ্ড হিজ ৱণ্ডাৰফুল লেম্প' শীৰ্ষক নাটক খন । অসমীয়া নাট্যকাৰ লক্ষীনন্দন বৰুৱাৰ দ্বাৰা ৰচিত এই নাটক খন মঞ্চস্থ কৰাত নাট্যকাৰক সহায় কৰে বৰ্ষীয়ান অষ্ট্ৰেলিয়ান পৰিচালক গ্লেন টি হাইডেন আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰযোজক অঞ্জিল নাইডুৱে । লক্ষীনন্দন বৰুৱা আৰু হাইডেনৰ এইটো হৈছে তৃতীয়টো যুটীয়া প্ৰকল্প । ইয়াৰ পূৰ্বেও বৰুৱাই হাইডেনৰ বাবে ৰচনা কৰিছিল নাট ।

এই নাটক খনৰ সৈতে জড়িত আছে প্ৰায় বিশ্বৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২০ গৰাকী কলা-কুশলী আৰু ইয়াৰ আৱহ সংগীত তৈয়াৰ কৰিছে প্ৰনশন সিঙে ।

নাটক খনৰ সন্দৰ্ভত, নাট্যকাৰ গৰাকীয়ে দিয়া মন্তব্য অনুসৰি মধ্য প্ৰাচ্যৰ বিখ্যাত লোককথাৰ চৰিত্ৰ আলাদিনৰ ওপৰত ইতিমধ্যেই নিৰ্মাণ হৈছে বহু নাটক, বোলছবি অথবা নৃত্য নাটিকাৰ । বহু গল্পকাৰে বিভিন্ন ধৰণে প্ৰকাশ কৰিছে আলাদিনৰ সাধু ।

তেনেস্থলত, বৰুৱাই পাৰ্যমানে প্ৰকৃত লোককথাক স্পৰ্শ কৰি যাবলৈ কৰিছিল প্ৰচেষ্টা । আলাদিনৰ পশ্চিমীয়া সংস্কৰণতকৈ মধ্য প্ৰাচ্যৰ সংস্কৰণৰ প্ৰতি বেছি মনোনিৱেশ কৰা বুলি জানিবলৈ দিয়ে লক্ষীনন্দন বৰুৱাই । '১০০১ আৰবিয়ান নিশা'ৰ অনুসৰি বহু কেইটা জিনক দেখা গৈছিল কাহিনীৰ মাজত, যি আছিল নাট্যকাৰ বৰুৱাৰ বাবে এক আকৰ্ষণীয় বিষয় । সেইবাবেই আলাদিনৰ চৰিত্ৰটিৰ বিভিন্ন দিশ সামৰি ল'বলৈ ব্যৱহাৰ কৰা হৈছিল একাধিক জিন ।

উল্লেখ্য যে, আগন্তুক দিন সমূহত দক্ষিণ আফ্ৰিকাৰ কেপটাউন আৰু জোহানছবাৰ্গত মঞ্চস্থ কৰা হ'ব নাটক খন ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in