ৱান্টেড পুটিন ! গ্ৰেপ্তাৰী পৰোৱানা জাৰী ইন্টাৰনেচনেল ক্ৰিমিনেল ক'ৰ্টৰ

ৱান্টেড পুটিন ! গ্ৰেপ্তাৰী পৰোৱানা জাৰী ইন্টাৰনেচনেল ক্ৰিমিনেল ক'ৰ্টৰ

ডিজিটেল ডেস্ক : ৰাছিয়া- ইউক্ৰেইনৰ যুদ্ধই এটা বছৰৰো অধিক সময় অতিক্ৰম কৰিছে । এই এটা বছৰত লক্ষাধিক ইউক্ৰেনিয়ানৰ জীৱনধাৰা চিৰদিনৰ বাবে সলনি হৈ গ'ল । হেজাৰ জনৰ মৃত্যু হ'ল যুদ্ধত, আন হেজাৰজনৰ হয়তো বাসগৃহ তচনচ হৈ পৰিল ৰাছিয়াৰ বোমাবৰ্ষণত । এই সন্দৰ্ভত নাটোও নিমাত, আমেৰিকা যুক্তৰাষ্ট্ৰও । কিন্তু বৰ্তমান সৰৱ হৈ উঠিছে বিশ্ব ।

ইউক্ৰেইনত যুদ্ধ অপৰাধ আৰু মানৱাধিকাৰ উলংঘনৰ অপৰাধত আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে গ্ৰেপ্তাৰী ৱাৰেন্ট জাৰি কৰিছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ বিৰুদ্ধে । অন্তহীন নিৰীহ লোকক হত্যা কৰাৰ লগতে ইউক্ৰেইনৰ শিশু আৰু মহিলাক বলপূৰ্বক ৰাছিয়ালৈ স্থানান্তৰ কৰাৰ বাবে ন্যায়ালয়ে পুটিনক অভিযুক্ত কৰিছে । চুবুৰীয়া দেশখনত বিগত এবছৰ ধৰি সংঘটিত হৈ থকা নৃশংস অত্যাচাৰসমূহ ৰাছিয়াই অস্বীকাৰ কৰি আহিলেও আন্তৰ্জাতিক অপৰাধ ন্যায়ালয়ে প্ৰাথমিক তদন্তৰ পিছত পুটিনৰ বিৰুদ্ধে জাৰি কৰে গ্ৰেপ্তাৰী পৰোৱানা । এই পৰোৱানাৰ বাবে এতিয়া যেন কেৱল ৰাছিয়াতে সুৰক্ষিত পুটিন ।

আনহাতে, ২০ ৰ পৰা ২২ মাৰ্চলৈ ৰাছিয়া ভ্ৰমণত থাকিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং । দুয়োখন দেশৰ মাজত ব্যাপক অংশীদাৰিত্ব আৰু কৌশলগত সহযোগিতাকে ধৰি দ্বিপাক্ষিক আৰু আন্তৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ বহু বিষয়ত আলোচনা কৰিব । কিন্তু এতিয়া প্ৰশ্ন হয়, যুদ্ধনীতি আৰু মানৱাধিকাৰ আইন ভংগ কৰা ৰাষ্ট্ৰপতিৰ সৈতে এই আলোচনা এতিয়া প্ৰয়োজনীয় নে ? নে যুদ্ধত ইউক্ৰেইনৰ পক্ষত আমেৰিকাক থিয় হোৱা দেখি ৰাছিয়াক সহায় আগবঢ়াব চীনে ?

ৱান্টেড পুটিন ! গ্ৰেপ্তাৰী পৰোৱানা জাৰী ইন্টাৰনেচনেল ক্ৰিমিনেল ক'ৰ্টৰ
বোকাজানৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in