ম্যানমাৰৰ ছাগাইঙ  এন এছ চি এন খাপলাঙৰ দুই গোটৰ মাজৰ সংঘৰ্ষত আংমাই গোটৰ ৩ বিষয়া নিহত

ম্যানমাৰৰ ছাগাইঙ এন এছ চি এন খাপলাঙৰ দুই গোটৰ মাজৰ সংঘৰ্ষত আংমাই গোটৰ ৩ বিষয়া নিহত

ডিজিটেল সংবাদ, বেকাজানঃ ম্যানমাৰস্থিত নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙৰ দুই বিভাজিত গোটৰ মাজত ভীষণ সংঘৰ্ষ হোৱা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি নাগালেণ্ডৰ মন জিলাৰ সীমান্তৰ ম্যানমাৰৰ স্বশাসিত ছাগাইঙৰ লাহেত নগা বিদ্ৰোহী এন এছ চি এন (কে) আৰু বিভাজিত গোটৰ মাজত শুকুৰবাৰে পুৱা ৮ বজাৰ পৰা নিশা ৯ বজালৈ তীব্ৰ সংঘৰ্ষ চলে।

সূত্ৰ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৰ ছাগাইঙ প্ৰদেশৰ লাহে চহৰৰ সমীপত লাখুৱা গাঁও আৰু ৱানিয়া গাঁৱৰ ওচৰত পুৱা প্ৰায় ৮ বজাত আংমাই আৰু লাংনেইৰ নেতৃত্বত প্ৰতিদ্বন্দ্বী গোটৰ শিবিৰত এন এছ চি এন খাপলাঙৰ য়ুংগ আঙ গোটৰ কেডাৰে আক্ৰমণ কৰে। এই আক্ৰমণত আংমাই গোটৰ নগা আৰ্মিৰ তিনিজন বিষয়া নিহত হয়। নিহতসকলৰ ভিতৰত এজন ব্ৰিগেডিয়াৰ আৰু দুজন লেফটেনেণ্ট।

উল্লেখযোগ্য নেতৃত্বৰ সংঘাতৰ বাবে কেইমাহমানৰ পূৰ্বে ম্যানমাৰত থকা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন খাপলাঙ পুনৰ দুটা গোটত বিভক্ত হৈছিল। ইয়াৰে এটা গোটক নেতৃত্বত দিয়ে আংমাই আৰু লেংনেইয়ে আৰু আনটো গোটক নেতৃত্ব দিছে এছ এছ খাপলাঙৰ ভতিজাক য়ুংগ আঙে । শেহতীয়া খবৰ অনুসৰি গিৰ্জা আৰু নাগৰিক সমাজৰ হস্তক্ষেপত বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ হোৱা বুলি জানিব পৰা গৈছে।

 ম্যানমাৰৰ ছাগাইঙ  এন এছ চি এন খাপলাঙৰ দুই গোটৰ মাজৰ সংঘৰ্ষত আংমাই গোটৰ ৩ বিষয়া নিহত
মণিপুৰত দুটা দিনত প্ৰায় ২০.৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in