মণিপুৰত দুটা দিনত প্ৰায় ২০.৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

মণিপুৰত অসম ৰাইফলছৰ অভিযানত দুটা দিনত প্ৰায় ২০.৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

author-image
Asomiya Pratidin
New Update
মণিপুৰত দুটা দিনত প্ৰায় ২০.৪০ কোটি টকাৰ বাৰ্মিজ চুপাৰী জব্দ

ডিজিটেল সংবাদ শিলচৰ: চুবুৰীয়া ৰাজ্য মণিপুৰক নিৰাপদ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আজিও বিদেশী ৰাষ্ট্ৰ ম্যানমাৰৰ পৰা ভাৰতলৈ অবৈধ বাৰ্মিজ চুপাৰীৰ সৰবৰাহ অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই অসম ৰাইফলছে বিগত দুটা দিনত প্ৰায় ২০.৪০ কোটি টকা মূল্যৰ বাৰ্মিজ চুপাৰী জব্দ কৰিছে মণিপুৰত।

Advertisment

ভাৰত-ম্যানমাৰ সীমান্তৰ কামজং জিলাৰ ফাইকোহ এলেকাত অভিযান চলাই অসম ৰাইফলছে জব্দ কৰে ১৭০০ বস্তা বাৰ্মিজ চুপাৰী। চাৰিখন ট্ৰাকৰ পৰা জব্দ‌ কৰা চুপাৰীৰ ওজন ১ লাখ ৭০ হাজাৰ‌ কেজি। জব্দ কৰা চুপাৰী খিনিৰ বজাৰ মূল্য প্ৰায় ২০ কোটি ৪০ লাখ টকা ।

অবৈধ চুপাৰীৰ‌ সৈতে চাৰিজন সৰবৰাহকাৰীক আটক কৰে অসম ৰাইফলছে। বাৰ্মিজ চুপাৰী খিনি ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে মজুত কৰি ৰখা হৈছিল। পিছত জব্দ কৰা চুপাৰী খিনি কেন্দ্ৰীয় শুল্ক বিভাগক গতাই দিয়া হয়।

assam rifles