/asomiyapratidin/media/media_files/2025/04/21/pY5HcgxTzMynSklTVsr9.jpg)
ডিজিটেল ডেস্কঃ ম্যানমাৰৰ সামৰিক শাসক জুণ্টাৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈ থকা আৰকান আৰ্মী প্ৰৱেশ কৰিছে বাংলাদেশৰ ভূ-খণ্ডত। দেশখনৰ প্ৰায় ১০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি উৎসৱ পালনৰ অভিযোগ উত্থাপন কৰিছে বাংলাদেশৰ দুটাকৈ সংবাদ মাধ্যমত।
উল্লেখ্য যে, দক্ষিণ এছিয়াৰ এই দুয়োখন দেশেই এক জটিল সময়ৰ মাজেৰে আগবাঢ়িছে। ম্যানমাৰত এফালে যিদৰে গৃহ যুদ্ধ অব্যাহত আছে ঠিক সেইদৰেই বাংলাদেশত আকৌ বৈষম্য বিৰোধী ছাত্ৰ বিপ্লৱৰ জৰিয়তে চৰকাৰৰ পতন হোৱাই নহয়, দেশখনৰ ৰাজনীতিৰ সমান্তৰালকৈ সমাজ ব্যৱস্থা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।
অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে দেশ পৰিচালনাৰ বাবে বিভিন্ন পক্ষক সন্তুষ্ট কৰি নীতি নিৰ্ধাৰণ, অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আদি ক্ষেত্ৰলৈ অহা প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এনে সময়তে বাংলাদেশৰ ১০ কিলোমিটাৰ ভিতৰতলৈ সোমাই আহি আৰাকান আৰ্মীয়ে উৎসৱ পালনৰ খবৰ প্ৰকাশ পোৱাত অসন্তুষ্ট হৈ পৰিছে জামাত।
প্ৰথম আলো আৰু ৰোহিংগীয়া সংগঠনৰ মুখপত্ৰ ৰোহিংগীয়া খাবৰত প্ৰকাশিত খবৰৰ আঁত ধৰি বাংলাদেশ জামাত-ই-ইছলামী (যি জামাত হিচাপেই পৰিচিত) সংগঠনে অন্তৱৰ্তীকালীন চৰকাৰক চোকা সমালোচনা কৰাই নহয় প্ৰতিবাদো কৰিছে।
সংগঠনটোৰ সচিব প্ৰধান প্ৰধান মিয়া গোলাম পাৰৱাৰে এই সন্দৰ্ভত কয়, “যোৱা ১৬ আৰু ১৭ এপ্ৰিলত বান্দৰবন জিলাৰ থানচি উপজিলাৰ টিণ্ডু ইউনিয়নৰ ৰেমাকৰী মুখ অঞ্চলত ইউনিফৰ্ম পৰিহিত, অস্ত্ৰধাৰী আৰাকান সেনাই বাংলাদেশৰ সাৰ্বভৌম সীমা উলংঘা কৰি বাংলাদেশৰ ১০ কিলোমিটাৰ ভিতৰলৈ অনুপ্ৰৱেশ কৰিছিল। তাতে স্থানীয় জনজাতিৰ সৈতে ‘জলকেলী উৎসৱ’ (জল উৎসৱ) উদযাপন কৰিছিল। আমি এই কাণ্ডক তীব্ৰ গৰিহণা আৰু প্ৰতিবাদ কৰিছো।’
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ম্যানমাৰৰ বিদ্ৰোহী সংগঠন আৰাকান আৰ্মীয়ে বাংলাদেশ সীমান্তত গুলীচালনা কৰি বাংলাদেশী নাগৰিকক অপহৰণ কৰাৰ অভিযোগ উঠিছিল। এইবাৰ সীমান্তৰ ১০ কিলোমিটাৰ ভিতৰলৈ সোমাই গৈ উৎসৱ উদযাপনৰ অভিযোগ উঠিছে।
প্ৰকাশিত বাতৰি অনুসৰি ৰেমাকৰী জলপ্ৰপাতত আয়োজিত ‘জল উৎসৱ’ত আৰাকান সেনাবাহিনীৰ কেইবাজনো শীৰ্ষ নেতা আৰু তেওঁলোকৰ ৰাজনৈতিক শাখা ইউ এল এ আৰু তেওঁলোকৰ অনুগামীসকলে ইউনিফৰ্ম পিন্ধি, হাতত অস্ত্ৰ-শস্ত্ৰ লৈ উপস্থিত আছিল। সেইসকলৰ ভিতৰত বান্দৰবানৰ কাষৰীয়া ম্যানমাৰৰ লাভ্ৰে (স্থানীয় নাম কুখাই ৰাখিনে) অঞ্চলৰ ইউ এল এৰ মুৰব্বী মংথুইহলা মাৰ্মা, আৰাকান সেনাৰ লেফটেনেণ্ট জোকা, কেপ্তেইন কিয়াজো ৰাখাইন, কেপ্তেইন ৱলং ৰাখাইন আদি।
তাৎপৰ্যপূৰ্ণভাৱে বান্দৰবন জিলা পৰিষদৰ কেইবাজনো বিষয়ববীয়া আৰু স্থানীয় ইউনিয়ন ব’ৰ্ডৰো ব্যক্তি উপস্থিত আছিল। অভিযোগ অনুসৰি যদিও ম্যানমাৰ সীমান্তত নিৰাপত্তাৰ দায়িত্বত থকা ‘বৰ্ডাৰ গাৰ্ড বাংলাদেশ’ বাহিনীৰ কেইবাজনো জোৱান আৰু বিষয়া ৰেমাকৰী জলপ্ৰপাতৰ সমীপত এটা শিবিৰত আছিল, তথাপিও তেওঁলোকৰ কোনোৱেই আৰাকান সেনাৰ নেতা-কৰ্মীৰ অনুপ্ৰৱেশত বাধা নিদিলে।
স্মৰ্তব্য, ম্যানমাৰ-বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য ২৭১ কিলোমিটাৰ। ম্যানমাৰৰ বিদ্ৰোহী মিত্ৰজোঁট ‘থ্ৰী ব্ৰাদাৰহুড এলায়েন্স’ৰ সৰ্ববৃহৎ সশস্ত্ৰ গোট আৰাকান আৰ্মীয়ে বিগত ডেৰ বছৰৰ যুদ্ধত এই সকলোবোৰ অঞ্চল নিজৰ দখললৈ নিছে।
যোৱা ডিচেম্বৰ মাহত আৰাকান সেনাই ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ৮০ শতাংশতকৈ অধিক অংশ দখল কৰিছিল। য’ত মাউংডাও, বুথিডাউং, পালেটাও চহৰসমূহো আছিল। বাংলাদেশৰ সীমান্ত ৰাখাইন প্ৰদেশৰ সৈতে জড়িত হৈ আছে।এনে পৰিস্থিতিত মহম্মদ ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰখন এই প্ৰদেশত বাস কৰা লাখ লাখ ৰোহিংগীয়া মুছলমানৰ ‘ভৱিষ্যৎ’ক লৈ চিন্তিত হৈ আছে।
এসময়ত ম্যানমাৰৰ শাসকীয় সামৰিক জুন্টাই দেখিব নোৱাৰা ৰোহিংগীয়া মুছলমানসকল বৰ্তমানৰ যুদ্ধ পৰিস্থিতিত চৰকাৰী বাহিনীৰ সহযোগী হৈ পৰিছে। বিগত ছমাহ ধৰি বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত বিদ্ৰোহীৰ বিৰুদ্ধে জুন্টা বাহিনীৰ সৈতে যুঁজি আহিছে আৰাকান ৰোহিংগিয়া সেনাবাহিনী, আৰাকান ৰোহিংগিয়া চেলভেচন আৰ্মি (আৰ এছ এ), আৰু ৰোহিংগিয়া ছলিডাৰিটি অৰ্গেনাইজেচন (আৰ এছ অ’)এ।
এইদৰে চৰকাৰী শাসকৰ সৈতে মিলি পৰাৰ বাবে এতিয়া ৰোহিংগীয়া মুছলমানসকল আৰাকান সেনাৰ নতুন লক্ষ্য হৈ পৰিছে। এনে পৰিস্থিতিত বাংলাদেশৰ ১০ কিলোমিটাৰ ভিতৰত প্ৰৱেশ কৰি আৰাকান আৰ্মীয়ে এইদৰে উৎসৱ পালন কৰা বিষয়টোৱে বাংলাদেশৰ ৰাজনীতিত একপ্ৰকাৰে ধুমুহাই সৃষ্টি কৰিছে। বিপদত পৰিছে মহম্মদ ইউনুছ।