বোকাখাতৰ ২নং বহিখোৱাত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
বোকাখাতৰ ২নং বহিখোৱাত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল সংবাদ, বোকাখাত : বোকাখাতৰ বহিখোৱা গাঁৱত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। পুৱতি নিশা সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডৰ ফলত গাওঁখনৰ পুলিন চাৰহ আৰু কালিনাথ পেগু নামৰ লোক দুজনৰ দুটাকৈ গৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যোৱাৰ লগতে জুইত ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ লগতে গুৰুত্বপূৰ্ণ নথিপত্ৰ।

Advertisment

উল্লেখযোগ্য যে ভয়ংকৰ আগ্নিকাণ্ডটোৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে পৰিয়াল দুটা। ইফালে নিশাই প্ৰতিবেশী লোকৰ লগতে অগ্নি নিৰ্বাপন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত জুই নুমাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে জ্বলি ছাই হয় বাসগৃহ দুটা। বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি সন্দেহ পৰিয়াল দুটাৰ লগতে কৰিছে স্থানীয় গাওঁ বাসীয়ে।

বিধ্বংসী আগ্নিকাণ্ডটোত সৰ্বস্ৰ হেৰুৱাই হাহাকাৰ কৰি উঠা পৰিয়াল দুটাক সাময়িকভাৱে আৰ্থিক সকাহ দিবলৈ আহ্বান জনাইছে গাওঁ বাসীয়ে।

Also Read: কৰিমগঞ্জত আৰক্ষীৰ অভিযানত নিচাযুক্ত টেবলেট জব্দ

fire bokakhat